ৰাজ্যিক বাতৰি

ধৰ্মীয় অনুষ্ঠানসমূহত বিশেষ ব্যৱস্থা ল’বৰ কাৰণে ডি চি এচ পিলৈ পত্ৰ প্ৰেৰণ চৰকাৰৰ

Sentinel Digital Desk

ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থান সমূহত সঘনে সংঘটিত হৈ থকা চুৰিকাণ্ডৰ সন্দৰ্ভত ৰাজ্যৰ গৃহ বিভাগে জিলাসমুহৰ উপায়ুক্ত,আৰক্ষী আয়ুক্তলৈ কিছুমান উপযুক্ত ব্যৱস্থা কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ পত্ৰ খনত ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানসমুহৰ ধৰ্মীয় স্থান,উপাসনা স্থলী আদিসমূহৰ থানা, ৰাজহ চক্ৰ আদিৰ বিতং তথ্যৰে আয়ুক্ত উপায়ুক্তসকলক এখন তালিকা প্ৰস্তুত কৰি গৃহ বিভাগক দাখিল কৰিবলৈ আহ্বান জনাইছে ৷

অন্যহাতে,ৰাজ্যৰ য’ত ধৰ্মীয় অনুষ্ঠানসমূহত পৰিচালনা সমিতি নাই তেনে স্থান সমূহত পৰিচালনা সমিতি গঠন কৰাৰ কথাও পত্ৰখনত উল্লেখ কৰে ৷ আনহাতে পত্ৰখনত ধৰ্মীয় স্থানসমূহ তথা উপাসনাস্থলীৰ নিৰাপত্তাৰ কাৰণে জিলা এখনৰ উপায়ুক্ত, মহকুমাধিপতিকে ধৰি সকলো বিষয়াৰ উপস্থিতিত সভা অনুষ্ঠিত কৰিবলৈ কোৱাৰ লগতে প্ৰয়োজনীয় সকলো ব্যৱস্থা ল’বলৈ কয় পত্ৰখনত ৷ ইফালে পত্ৰখনত ধৰ্মীয় স্থানসমূহৰ নিৰাপত্তাৰ কথাটোও উল্লেখ থাকে৷

ধৰ্মীয়স্থানসমূহৰ পৰিচালনা সমিতিসমূহে ধৰ্মীয় স্থানসমূহৰ চৌহদত নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে ৷ লগতে এই সন্দৰ্ভত সকলো তথ্য স্থানীয় থানাত দাখিল কৰাৰ কথাও উল্লেখ কৰা হয়। লগতে গাঁও অঞ্চলৰ ধৰ্মীয় অনুষ্ঠানসমূহত গাঁওৰক্ষী বাহিনীৰ লগতে চিচিটিভি ব্যৱস্থা কৰাৰ কাৰণে পৰিচালনা সমিতিক আহ্বান কৰে পত্ৰখনত৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি