ৰাজ্যিক বাতৰি

নগাঁৱৰ গেদাৰবড়ী শৰীৰ চৰ্চা কেন্দ্ৰৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

Sentinel Digital Desk

"এটা সুস্থ শৰীৰেহে এটা সুস্থ মনৰ সৃষ্টি কৰে" --এই বাক্যশাৰী সাৰোগত কৰি নগাঁৱৰ ২ নং গেদাৰবড়িত বিগত ৩৯ বছৰে চলি অাছে এটি শৰীৰ চৰ্চা কেন্দ্ৰ। নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ২ নং গেদাৰবড়িত বিগত বছৰৰ দৰে এই বছৰো শৰীৰ চৰ্চা কেন্দ্ৰটিৰ বাৰ্ষিক অধিবেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে উদযাপন কৰা হয়।

শনিবাৰে অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশৰূপে পুৱা ভাগত এক বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অসমীয়া বোলছবি জগতৰ অভিনেতা ৰাগ ঐনিতমে উদ্বোধন কৰা নিশাৰ সাংস্কৃতিক কাৰ্য্যসূচীত 'জুনিয়ৰ জুবিন' খ্যাত শুকমনি দেউৰী অাৰু কেইবাজনো কণ্ঠশিল্পীৰ গীত পৰিৱেশন কৰে।

এই অনুষ্ঠানত অঞ্চলবাসী ৰাইজৰ সহযোগীতা অাৰু উপস্থিতি আছিল লক্ষণীয়। হাড় কপোৱা জাৰকো নেউচি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলে ৰাইজে।সংগীতানুষ্ঠান অাৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন নৃত্যানুষ্ঠান পৰিৱেশিত হয়। শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলে উক্ত অনুষ্ঠানতে নিজৰ দেহাৱয়ব প্ৰদৰ্শন কৰে। উক্ত অনুষ্ঠান শতাধিক ৰাইজৰ পাৰভঙা উৎসাহ পৰিলক্ষিত হয়। সুন্দৰ ৰূপে অনুষ্ঠানটি পৰিচালিত হয় বুলি সমিতিৰ বিষয়ববীয়াই জনাইছে।