ৰাজ্যিক বাতৰি

নগাঁৱৰ ধিঙত কবি মেল সম্পন্ন

Sentinel Digital Desk

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলাৰ ধিং আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত ধিঙৰ শংকৰদেৱ বিদ্যা নিকেতনত আজি বিয়লি এক বজাত অনুষ্ঠিত হয় কবিমেল । ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি দিলীপ কুমাৰ নাথৰ সঞ্চালনা ত অনুষ্ঠিত কবিমেল খনি উদ্বোধন কৰে বিশিষ্ট কবি তথা নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই ।

সন্মিলনৰ কেন্দীয় প্ৰচাৰ সম্পাদক তথা নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মদাৰজ্যোতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী আৰু নতুন কবিতাৰ প্ৰতিনিধি হাচিনা মমতাজৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ধিং আঞ্চলিক কবি সন্মিলনৰ পত্ৰিকা সম্পাদক দিপানজু বৰাই । কৰবী লিগিৰা, দিজেন্দ্ৰ নাথ হাজৰিকা, ধনদা দেৱী, অনামিকা গোস্বামী, সঞ্জীৱ সাগৰ চৌধুৰী, নিৰলা শইকীয়া, পুণ্যাহা পুণম চৌধুৰী, দীপালী বৰা, কৰবী শইকীয়া, দিপানজু বৰা, দীপজ্যোতি কাকতি প্ৰমূখ্যে একুৰি কবিয়ে।

কবিমেল খনিক গীতৰে মুখৰিত কৰে কল্পিতা দেৱী, পৱন নেওগ আৰু অনামিকা গোস্বামী আৰু শিশু শিল্পী পুণ্যাহা পুণম চৌধুৰীয়ে ।প্ৰীতি ভঁড়ালীয়ে এটি প্ৰাৰ্থনাৰে সামৰণি দিয়া কবিমেলৰ শেষত শলাগৰ শৰাই আগবঢ়াই ধিং আঞ্চলিক কবি সন্মিলনৰ সম্পাদক দীপজ্যোতি কাকতিয়ে ।