ৰাজ্যিক বাতৰি

নগাৱঁত মাইনা পাৰিজাতৰ নৃত্য গীতৰ অনুষ্ঠান

Sentinel Digital Desk

নগাঁও জিলাৰ পানীগাঁও ছয় আলিত মাইনা পাৰিজাতে এখনি নৃত্য গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰে । অনুষ্ঠিত অনুষ্ঠান টিৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক ৰাজেন বৰকাকতী দেবে আৰু অনুষ্ঠান টিৰ পতাকা উত্তোলন কৰে মাইনা পাৰিজাতৰ সভাপতি গৰাকীয়ে অনুষ্ঠান টিত শিশু সকলে কৰা গীত নৃত্যই উপস্থিত ৰাইজৰ মন্ আপ্লুত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে বিগত বছৰৰ ২৩ আগষ্ট তাৰিখে মাইনা পাৰিজাতে ১ বছৰ অতিক্ৰম কৰিলে যদিও ৪ অক্টোবৰ তাৰিখে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠিত অনুষ্ঠানটিত কণ কণ শিশু সকলৰ লগতে ভালে সংখ্যক দৰ্শক উপস্থিত আছিল।