ৰাজ্যিক বাতৰি

নাগৰিকত্ব সংশোধনি বিধেয়কক লৈ অস্থিৰ সিন্ধান্ত ভাৰতীয় জনতা পাৰ্টিৰ

Sentinel Digital Desk

নাগৰিকত্ব সংশোধনি বিধেয়ককলৈ সঘনে সলনি হৈছে বিজেপি স্থিতি । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ নিৰ্বাচনী প্ৰচাৰত প্ৰকাশ কৰিছিল যে যদি বিজেপি ক্ষমতা লৈ আহে নাগৰিকত্ব সংশোধনি বিধেয়ক খন গৃহীত কৰা হব । অমিত শ্বাহৰ এই বক্তব্যৰ ওপৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুয়ে অৰুণাচল প্ৰদেশত প্ৰকাশ কৰে যে দলে নাগৰিকত্ব সংশোধনি বিধেয়ক খন গৃহীত কৰাত সমৰ্থন কৰিব ।কিন্তু উত্তৰ পূৰ্বাঞ্চলত নহয় । বিজেপিৰ সাংসদ ৰমেন ডেকাই অমিত শ্বাহৰ বক্তব্যৰ সমৰ্থন আগবঢ়ায় মন্তব্য কৰে । কিন্তু কিৰেন ৰিজিজুৰ বক্তব্যৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

বুধবাৰে হেঙাৰাবাৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত সংবাদমেলত বিজেপি সাংসদ ৰমেন ডেকাই কয় যে ,"কংগ্ৰেছে হিন্দু বাংলাদেশীৰ কাৰনে নাগৰিকত্ব বিধেয়ক খন সমৰ্থন কৰিছিল। এতিয়া ৰাজনীতিৰ কাৰনে নাগৰিকত্ব সংশোধনি বিধেয়ক খন বিৰোধিতা কৰিছে কংগ্ৰেছে বুলি প্ৰকাশ কৰে ।

২০১২ চনৰ ২০ এপ্ৰিলত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰে প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ হিন্দু শৰনাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । ২০১৪ চনৰ ১৬ জুলাইত তৰুণ গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ হিন্দু শৰনাৰ্থীক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল । পুনৰ ২০১৫ চনৰ ১ জুনত গগৈ চৰকাৰে সীমান্তয়েদি অসমত প্ৰবেশ কৰা বঙালী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ দাবী উত্থাপন কৰিছিল । ২০১৫ চনত একেই সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু বৰ্তমান কেৱল ৰাজনীতি ক্ষমতা লাভৰ বাবে ওলোটা খৰ মাৰিছে বুলি ৰমেন ডেকা ই প্ৰকাশ কৰে।

ৰমেন ডেকাই প্ৰকাশ কৰে যে নাগৰিকত্ব সংশোধনি বিধেয়ক খনক লৈ কংগ্ৰেছৰ স্থিতি স্পষ্ট নহয় । জেপিচিত কংগ্ৰেছৰ বক্তব্য বেলেগ আৰু জেপিচিৰ বাহিৰত বক্তব্য বেলেগ বুলি প্ৰকাশ কৰে। কংগ্ৰেছে দেশক বিভাজন কৰিছে আৰু হিন্দু শৰনাৰ্থী অসমত থকাৰ দোষী হৈছে কংগ্ৰেছ । যদি স্থানীয় লোকৰ ৰাজনৈতিক ক্ষমতা ৰক্ষা কৰা হয়, তেতিয়া জনসাধাৰণে বিজেপিক ভোট দিব বুলি ৰমেন ডেকাই প্ৰকাশ কৰে ।

লগতে ডেকাই কয় যে কংগ্ৰেছে ৫৫ বছৰত নাগৰিকক চুই যাব পৰাকৈ এটা প্ৰকল্পৰ কামো কৰা নাই। কিন্তু অটল বিহাৰী বাজপেয়ীৰ PMGSY আচনি, নৰেন্দ্ৰ মোদীৰ উজ্জ্বলা, অনাময়, পেনচন , আয়ুচমান ভাৰত আচনিৰে সকলোৰে উন্নয়ন কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি