ৰাজ্যিক বাতৰি

নিপকোৱে দৈয়াং জলবিদ্যুত প্ৰকল্পৰ পৰা পুনৰ পানী এৰাৰ সম্ভাৱনা

Sentinel Digital Desk

হাইড্ৰো ইলেক্ট্ৰিকেল পাৱাৰ প্ৰজেক্ট নিপকোই অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক জনোৱা অনুসৰি গোলাঘাট জিলাৰ জমা হৈ থকা পানীৰ পৰিমান বৰষুন হৈ থকাৰ ফলত ৩২৩.৯৫মিটাৰ বৃদ্ধি পাইছে।আগষ্টৰ ৬তাৰিখে নিশা ১২.৩০বজাত পানীৰ সীমা জোখ হৈছে।যদিহে দৈয়াং নদীৰ পানীৰ প্ৰকল্পৰ পৰিমান ৩২৪.০০মিটাৰ বাঢ়ি যায় তেন্তে কোনোপধ্যে বাধা দিব পৰা নাযাব চাৰিখনকৈ শ্লুইচ গেটৰ সহায়ত পানী এৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি সদৰী কৰে দৈয়াং জলবিদ্যুত প্ৰকল্পৰ প্ৰবন্ধকে।