ৰাজ্যিক বাতৰি

নীপকোৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন

Sentinel Digital Desk

নীপকোৱে কোনো জাননি নিদিয়াকৈ পানী এৰি দিয়া ফলত গোলাঘাট জিলাত ভয়ঙ্কৰ বানপানীৰ সৃষ্টি হোৱাৰ বিৰদ্ধে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমিপত অসম জীপাল কৃষক শ্ৰমিক সংস্থাৰ সদস্যসকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যত বান পৰিস্থিতিৰ বাবে হাজাৰ হাজাৰ লোকে জীয়াতু ভোগাৰ মাজতেই নীপকোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল সংগঠনটোৰ সদস্যসকল । নীপকোৰ হঠকাৰী সিদ্ধান্তৰ বাবেই গোলাঘাটত বানে সংহাৰী ৰূপ লোৱা বুলি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদস্যসকলে । নীপকোৰ বিপক্ষে দিয়া শ্লোগানৰ উপৰিও নৰেন্দ্ৰ মোদী মুৰ্দাবাদ,বিজেপি মুৰ্দাবাদ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

শীঘ্ৰেই বান পীড়িত অঞ্চলত সাহায্য প্ৰদানৰ উপৰিও বানত ক্ষতিগ্ৰস্ত লোকসকলক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰো দাবী জনায় সংগঠনটোৰ সদস্যসকলে।নীপকোৱে কোনো আগজাননী নিদিয়াকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ধনশিৰী নদীৰ জলপৃষ্ঠ বাঢ়ি যোৱাত গোলাঘাট জিলাৰ বান পৰিস্থিতি অতি ভয়ানক হৈ পৰিছিল।

ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বহুসংখ্যক গাঁও বুৰাই পেলোৱাৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছিল।ধনশিৰিৰ বোৱতী পানীয়ে উজনি আৰু নামনি অসমৰ লগত যোগাযোগ স্থাপন কৰা এখন দলঙৰ একাংশ উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছিল। নদীখনৰ বাঢ়নী পানীয়ে গোলাঘাটৰ ৯০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰে। যাৰ ফলত প্ৰায় ২০,০০০ত কৈ অধিক লোক বানত পীড়িত লগতে বহুতো পশুধনৰ ক্ষতি হৈছিল।