ৰাজ্যিক বাতৰি

প্ৰকাশ পালে আশাৰ ৰেঙণিৰে জলি উঠা চাকি গছি' নামৰ কিতাপ এখন

Sentinel Digital Desk

যি সময়ত নৱপ্ৰজন্মই ফেচবুক আৰু হোৱাটছ এপতে প্ৰায় ভাগ সময় অতিবাহিত কৰে,তেওঁলোকৰ আঙুলি সমূহে চ'চিয়েল মিডিয়া আৰু স্মাৰ্ট ফনৰ জৰিয়তহে কিবা লেখা প্ৰকাশ কৰে ঠিক তেনে সময়ত ল'ৰা ছোৱালীয়ে পেন বহী লৈ কিতাপ লিখিবলৈ লোৱাটো অতি কঠিন কাম বুলি মত প্ৰকাশ কৰে অৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজৰ অধ্যক্ষ মিনা দেৱীয়ে ।

চিম্পি বড়াৰ 'আশাৰ ৰেঙণিৰে জলি উঠা চাকি গছি' নামৰ কিতাপ খন প্ৰকাশ কৰে আৰু এই অনুষ্ঠান অনুষ্ঠিত হয় বিশ্বনাথ জিলাৰ সাহিত্য সভা ভৱনত ।অনুষ্ঠান খনত সভাপতিত্ব কৰে প্ৰভাত চন্দ্ৰ গগৈয়ে । কিতাপ খনৰ বিষয়ে বিশ্লেষন কৰে ৰানা হাজৰিকাই।

চিম্প বড়া হৈছে চামধৰাৰ ধলিয়া বিলৰ প্ৰদীপ বড়া আৰু ৰিনু বড়াৰ কন্যা ,লগতে তেওঁ অৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজৰ ছাত্ৰী ।লেখা তাইৰ বাবে এক আৱেগ বুলি ছাত্ৰী গৰাকীয়ে জানিব দিয়ে । অনুষ্ঠানত উপস্থিত থকা বহু কেইগৰাকী লেখকে চিম্পী আশীৰ্বাদৰ লগতে আগলৈ এইদৰে লিখি যাবলৈ উৎসাহ জনায় আৰু ৰাজ্যিক পৰ্যায়ত নিজৰ নাম উজলাবলৈ শুভেচ্ছা জ্ঞাপন কৰে ।