ৰাজ্যিক বাতৰি

প্ৰসংগ: নাগৰিকত্ব সংশোধনী বিল ২০১৬ যুটীয়া সংসদীয় সমিতিক সাক্ষাৎ অগপৰ

Sentinel Digital Desk

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীৰ ৩০ জনীয়া বৈঠক অনুষ্ঠিত কৰাৰ প্ৰাকমূহুৰ্তত দিল্লীত উপস্থিত হয় অগপৰ এটা পাঁচজনীয়া দল ৷ অগপৰ দলটো দিল্লীত উপস্থিত হৈয়ে সাক্ষাৎ কৰে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাক ৷ ইফালে, যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাক সাক্ষাৎ কৰি অগপৰ দলটোৱে অসমত জাতি ধ্বংসী নাগৰিকত্ব বিধেয়কখন গৃহীত হ’লে সৃষ্টি হ’ব পৰা ভয়ংকৰ পৰিস্থিতি বিষয়ে অৱগত কৰে ৷

ইয়াৰোপৰি বিধেয়কখন গৃহীত হ’লে অসমত অসম চুক্তিৰ অৱমাননা কৰা হ’ব ৷ ইতিমধ্যে ৰাজ্যৰ লাখ লাখ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি ৰাজপথ উত্তাল কৰিছে ৷ অসমৰ পৰা যোৱা পাঁচজনীয়া অগপৰ দলটোৱে কয় যে, যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে তেওঁলোকৰ কথা অত্যন্ত মনযোগেৰে শুনিছে ৷গতিকে আগন্তুক দিনত নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত এটি ইতিবাচক সহাঁৰিৰ আশা কৰিছে অগপৰ দলৰ লগতে বিভিন্ন দল সংগঠনে ।

ইফালে,নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুষ্ট কৰাৰ পূৰ্বে অনুষ্ঠিত কৰা হ’ব এখন বৈঠক ৷ ৩০ জনীয়া বৈঠকখনত কেন্দীয় গৃহ সচিব ৰাজীব গৌবা,কেন্দ্ৰীয় বিদেশ সচিব বিজয় গোখলে,আইন মন্ত্ৰ্যালয়ৰ আইনী বিভাগৰ সচিবকে ধৰি বিভিন্ন বিষয় ববীয়া উপস্থিত থাকিব ৷ অন্যহাতে,যুটীয়া সংসদীয় সমিতিক সাক্ষাৎ কৰা অগপৰ দলটোত আছিল অগপৰ সভাপতি অতুল বৰা,কেশৱ মহন্ত,ফণী ভূষণ চৌধুৰী,বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল কৰা দাবীত অসমৰ আকাশ বতাহ কপাঁই আহিছে বিভিন্ন দল সংগঠনে ৷ অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনৰ বিৰুদ্ধেও প্ৰায়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰসংগত বিভিন্ন দল সংগঠনে চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি আহিছে৷ গতিকে সম্প্ৰতি জাতিধ্বংসী বিধেয়কখন বাতিল কৰাৰ দাবীত একত্ৰিত হৈছে অসমৰ কিছুসংখ্যক ৰাজনৈতিক দল,ৰাইজ তথা বিভিন্ন দল সংগঠন ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি