ৰাজ্যিক বাতৰি

প্ৰেম কৰি জেইলৰ সৈতে সম্পৰ্ক হ'ল এজন যুৱকৰ

Sentinel Digital Desk

ছচিয়েল মিডিয়াত যুৱতীৰ অশ্লীল ফটো আৰু মোবাইল নম্বৰ আপলোড কৰি গুৱাহাটী মহানগৰীৰ চান্দমাৰী আৰক্ষীৰ জালত পৰিল এজন যুৱক। দুলীয়াজান, থাপাবস্তিৰ ধৃত যুৱকজনৰ নাম ৰোহিত শৰ্মা। দুৰ্দান্ত প্ৰেমিক এই ল'ৰাজনে বিগত ভালেকেইমাহ ধৰি আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰি আমনি কৰি আহিছিল যুৱতী গৰাকীক।

শেষত উপায়হীন হৈ ছোৱালী গৰাকীৰ হৈ এগৰাকী মহিলাই চান্দমাৰী থানাত এজাহাৰ দাখিল কৰে‌। এজাহাৰ দাখিলৰ পিছতেই অসম আৰক্ষীৰ এটা দলে যুৱক জনক গ্ৰেপ্তাৰৰ বাবে প্ৰাৰম্ভিক প্ৰচেষ্টা আগবঢ়াই। ৭/৮/২০১৮ তাৰিখত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জনাই যে ধৃত যুৱক জনে ফেচবুকত বেলেগ বেলেগ নামেৰে একাউন্ট খুলি বহুতকে ছোৱালী জনীৰ ফটোৰ লগতে অশ্লীল মন্তব্য আগবঢ়াই আহিছিল। মহিলা গৰাকীৰ অভিযোগৰ পিছতে চান্দমাৰী আৰক্ষীয়ে বেংগলোৰৰ পৰা নবেম্বৰৰ ১৯ তাৰিখত গ্ৰেপ্তাৰ কৰে যুৱকজনক।

আনহাতে যুৱক জনে আৰক্ষীৰ জিম্বাত জনোৱা অনুসৰি ল'ৰাজনে উক্ত ফটো আৰু ফোন নম্বৰ আপলোড কৰা কথাটো সঁচা, ছোৱালী জনীৰ লগত সম্পৰ্ক থকাৰ পৰাই ঘৰৰ পৰা টকা চুৰি কৰি হ'লেও আনি দিয়াৰ পিছতো প্ৰৱঞ্চনা কৰাৰ বাবেই এনে কাণ্ড সংঘটিত কৰিছে। ল'ৰা জনে অভিযোগ কৰা অনুসৰি প্ৰায় ৭ লাখ টকা ছোৱালী জনীৰ নামত খৰছ কৰিছে।

বৰ্তমানে 725/18 U/S 294/507 আৰু R/S 66/67 IT Act এই দুটা ধাৰাৰ অধীনত ধৃত প্ৰমিক জনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। বিধিৰ বিপাক ভালপোৱা অভাৰলোডেড হোৱাৰ বাবেই চাইবাৰ ক্ৰাইম কৰিবলৈও কুণ্ঠাবোধ নকৰিলে দুলীয়াজানৰ দুৰ্দান্ত প্ৰেমিক জনে।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি