ৰাজ্যিক বাতৰি

পৰিত্যক্ত অৱস্থাত নৱজাতক উদ্ধাৰ

Sentinel Digital Desk

সোমবাৰে পুৱা কোকৰাঝাৰ জিলাৰ দৌলাবাৰী চাহ বাগিছাত পৰিত্যক্ত অৱস্থাত এটি নৱজাতক(ল'ৰা)উদ্ধাৰ কৰা হয়।স্থানীয় লোক সকলৰ তথ্যানুসৰি,গবৰ্দন সিং নামৰ এজন ব্যক্তি পুৱা ৪.৪৫ মান বজাত প্ৰথমে শিশুটিক প্ৰত্যক্ষ কৰি ব্যক্তি জনে তেওঁৰ ডাঙৰ ককায়েকক জনায় আৰু তেখেতে গাৱঁৰ প্ৰধান জনক জনায়।পৰৱৰ্ত্তী সময়ত গাঁৱবাসীয়ে কোকৰাঝাৰ আৰক্ষীক খবৰ দিয়ে।নৱজাতক টিক প্ৰথমে দৌলাবাৰী চাহ বাগিছা চিকিৎসালয়ত ভৰ্ত্তি কৰায় আৰু পিছত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্মা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় আৰু নৱজাতক টিক হাস্পাতাল খনৰ শিশু যতন কক্ষত ৰখা হয়।

শিশুটিক টাৱালেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।কিছু স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰা ঠাইখিনিতে এখন বলেৰ' গাড়ী প্ৰত্যক্ষ কৰে আৰু সেই গাড়ীয়ে আহি শিশুটিক তাতে পেলাওৱাৰ সন্দেহ প্ৰকাশ কৰে বুলি স্থানীয় লোকে ব্যক্ত কৰে।শিশুটিল বৰ্তমান শিশু সুৰক্ষা কক্ষত ৰখা হৈছে আৰু পিছলৈ চিৰাংৰ নিচিমা পোষ্য কেন্দ্ৰলৈ পঠিওৱা হ'ব।