ৰাজ্যিক বাতৰি

পৰিস্কাৰ গুৱাহাটীৰ বাবে গুৱাহাটী পৌৰ নিগমৰ উদ্যোগ

Sentinel Digital Desk

বৰ্জনীয় পদাৰ্থ বা পেলনীয়া সমগ্ৰী সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ বিভিন্ন বিদ্যালয় সমূহত এক সজাগতা অভিযান কাৰ্য্যসূচী আৰম্ভ কৰি আহিছে। এই সজাগতা অভিযানৰ অংশ স্বৰূপে গুৱাহাটী পৌৰ নিগমে ১৩ ডিচেম্বৰত চেইন্ট থমাছ প্ৰাথমিক বিদ্যালয়তো এক সজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন কৰে। সজাগতা কাৰ্য্যসূচীটোত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যবাহী অভিযন্তা মনজিৎ বুজৰবৰুৱা, মনালিছা গোস্বামী, উৎপল শৰ্মা বৰুৱা।

কাৰ্য্যসূচীটোত ২ ৰ পৰা ৫ বছৰ বয়সৰ ৭০ৰ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে আৰু শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থাকে। গুৱাহাটী পৌৰ নিগমে যুৱ সকলৰ মনত স্বচ্চতা আৰু পৰিস্কাৰ-পৰিচ্চন্নতা সম্পৰ্কে সজাগতা অনাৰ লক্ষ্যৰে এই কাৰ্য্যসূচী গ্ৰহণ কৰে। অনুস্থানটোত উপস্থিত থকা শিক্ষক এগৰাকীয়ে পৌৰ নিগমৰ এই কাৰ্য্যসূচীয়ে ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ঠ উপকৃত কৰিব বুলি মন্তব্য কৰে আৰু ছাত্ৰ-ছাত্ৰী সকল স্বচ্চতা সম্পৰ্কে অধিক সজাগ হব বুলি কয়। গুৱাহাটী পৌৰ নিগমে পেলনীয় সামগ্ৰী সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে আই লাভ গুৱাহাটী শীৰ্ষক এক অভিযান মুকলি কৰিছে। পূৰ্বেও কটন কলেজিয়েট, হেপী চাইল্ড হাই স্কুল, ডন বস্কো হাইস্কুল আৰু গুৰুকুলতো এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছিল।

গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়াই কয় যে আমি গুৱাহাটীৰ যুৱ সমাজক লৈ এই ক্ষেত্ৰত কাম কৰি যাব বিছাৰিছো যাতে ভবিষ্যতে আমি গুৱাহাটীক ভাৰত আৰু বিশ্বৰ ভিতৰতে পৰিস্কাৰ চহৰ হিচাপে গঢ়ি তুলিব পাৰো।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি