ৰাজ্যিক বাতৰি

বঙাইগাঁৱত এজিপি নেতাৰ হত্যাকাণ্ড:আৰক্ষীৰ তদন্ত অব্যাহত

Sentinel Digital Desk

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত গণবিন্নাত।সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত অগপ নেতা হাফিজ উদ্দিনৰ হত্যা কাণ্ডই সম্প্ৰতি উত্তেজনাৰ সৃষ্টি কৰিছে অঞ্চলটোত।অন্যহাতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দিলৱৰ আলী মণ্ডল নামৰ এজন লোকক হাফিজ উদ্দিনৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷

বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে এই সমগ্ৰ হত্যাকাণ্ডটোৰ লগত মাটিৰ বিবাদ জড়িত থকাৰ কথা কয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দিলৱৰ আলী আৰু হত্যাৰ বলী হোৱা হাফিজ উদ্দিনৰ লগত কিছুদিনৰ পূৰ্বৰে পৰা মাটিৰ বিবাদ চলি আহিছিল ৷

সম্প্ৰতি,এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ কিন্তু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এজিপি নেতা হাফিজ উদ্দিনৰ হত্যাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো ।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি