ৰাজ্যিক বাতৰি

বটদ্ৰৱাৰ অাকাশী গঙ্গাত কাছ এৰিলে হিন্দু যুৱ-ছাত্ৰ পৰিষদে

Sentinel Digital Desk

যি সময়ত এচাম লোকে প্ৰকৃতি আৰু জীৱ কূলৰ প্ৰতি ধ্বংস মাতি আনিছে সেই সময়তে একাংশই প্ৰকৃতিৰ দুস্পাপ্য তথা বিৰল প্ৰজাতিৰ জীৱ জন্তু তথা বিৰল প্ৰজাতিৰ জীৱ জন্তু সমূহ নিৰাপদ স্থানত সংৰক্ষণৰ প্ৰয়াস চলাই আহিছে ।

নগাঁও জিলাৰ পুৰণিগুদামৰ মহা মৃত্যুঞ্জয় মন্দিৰ চৌহদৰ পৰা উঠি অহা গোটেই গা টোত সোনালী ৰঙৰ ফুট ফুটীয়া আবৰণেৰে ঢাকি ৰখা এটি বিৰল প্ৰজাতিৰ বৰ কাছৰ পোৱালী যোৱা কালি সন্ধিয়া মন্থৰ গতিত গৈ থকা অবস্থাত উদ্ধাৰ কৰি প্ৰায় ১ কিলোগ্ৰাম ওজনৰ কাছটি আজি পুৱা হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ হৈ সভাপতি অমৰ জ্যোতি কলিতা,সম্পাদক সত্যজিৎ দাসে আনি গুৰু জনাৰ জন্মস্থান বটদ্ৰবাৰ ঐতিহ্যমণ্ডিত আকাশী গঙ্গা জলাশয়ত এৰি দিয়ে ।

উল্লেখ্য যে, অাকাশী গঙ্গাৰ বিশাল জলভাগত নিৰাপদে কাছ সংৰক্ষণৰ বাবে শ্ৰীশ্ৰী বটদ্ৰবা থান পৰিচালনা সমিতিৰ সহযোগীতাত অসমৰ বিভিন্ন অঞ্চলৰ লোকে ইতিপূৰ্বে ৰাইজে কাছ এৰি দি আহিছে। অনুষ্ঠান টিত বটদ্ৰবা থান পৰিচালনা সমিতিৰ হৈ সহকাৰী সম্পাদক যোগেন শইকীয়া আৰু জেষ্ঠ সাংবাদিক কন্দৰ্প কুমাৰ কলিতা থানৰ সেৱক বিপুল ভূঞা প্ৰমুখ্যে বটদ্ৰবা থানৰ কেইবা গৰাকী লোক উপস্থিত আছিল ।