ৰাজ্যিক বাতৰি

বন বিভাগৰ বিৰুদ্ধে বালি ব্যৱসায়ীৰ প্ৰতিবাদ

Sentinel Digital Desk

বালিৰ ব্যৱসায়,ট্ৰাকৰ গৰাকী আৰু কৰ্মচাৰীয়ে দক্ষিন কামৰূপৰ বামুনীগাঁওৰ বন বিভাগৰ বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।ৰাজ্য চৰকাৰৰ বন বিভাগৰ ভুল আচঁনিৰ বাবে অসম চৰকাৰে দক্ষিন কামৰূপৰ কুলসী,লোহাৰঘাট,বাগান,মুদুকীন,কুকুৰমাৰা,ছয়গাঁও,জামবাৰি,গুমি,জৰপাৰা,চামপূপাৰা,বকো,চিংৰা আৰু শালমাৰাৰ বালিৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে ।দক্ষিন কামৰূপ বালি ব্যৱসায়ী আৰু ট্ৰাক মালিক সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে কয় যে,দৈনিক ৭০০খনতকৈও অধিক ট্ৰাকে ৮৪০০ চেণ্টিমিটাৰ বালি এই নদী সমূহৰ পৰা লাভ কৰি আহিছে। চৰকাৰী দাম অনুসৰি প্ৰতি চেণ্টিমিটাৰত ১৪০টকা ৰাজহ আদায় দিব লাগে আৰু এই নদী সমূহৰ পৰা মুঠ ৪২.৯২কোটি টকাৰ ৰাজহ সংগ্ৰহৰ কৰে ।