ৰাজ্যিক বাতৰি

বনহস্তীৰ আক্ৰমনত নিদ্ৰাবিহীন ৰজনী পাৰ কৰিছে নিমাতীঘাটবাসীয়ে

Sentinel Digital Desk

যোৱা নিশা দেওবাৰে বন্যহস্তীয়ে চলোৱা আক্ৰমনৰ ফলত নিমাতীঘাটৰ ৭টাকৈ বাসগৃহ,৫ খনকৈ দোকান ধ্বংস কৰাৰ লগতে তিনিজনকৈ লোক আঘাতপ্ৰাপ্ত হয় । বিবুৰাম কলিতা নামৰ ব্যক্তি এজনৰ দোকানত খাদ্য বিচাৰি হাতীয়ে আক্ৰমন চলোৱাৰ লগে লগে তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হয় আৰু হাতী কেইটাক ধৰিবলৈ চেষ্টা অব্যাহত ৰাখে যদিও হাতী কেইটা কাৰ্তিক চাপৰি দিশে গতি লয় বুলি বন বিভাগৰ বিষয়া টংকেশ্বৰ গায়নে মত প্ৰকাশ কৰে ।

জানিব পৰা তথ্যানুসৰি ১৫০টা হাতীৰ মাজৰ পৰা এই তিনিটা হাতী বেলেগ হৈ পৰে আৰু হাতীৰ জাকটো শিৱসাগৰৰ পৰা অহা বুলি সন্দেহ প্ৰকাশ কৰা হয় আৰু বৰ্তমান সময়ত হাতী কেইটা শিৱসাগৰ,যোৰহাট,মাজুলী,কাজিৰঙা আৰু তিতাবৰৰ চাৰিওদিশে ঘূৰি আছে বুলি যোৰহাট বন বিভাগৰ ৰেঞ্জ বিষয়া দিপক বড়াই মত প্ৰকাশ কৰে ।