ৰাজ্যিক বাতৰি

বাছ টেম্পুৰ সংঘৰ্ষত দুজন নিহত,ছয় জনকৈ লোক আহত

Sentinel Digital Desk

যোৱা বৃহস্পতিবাৰে শলমাৰি আৰু গোৱালপাৰা টাউনৰ মাজত ৰাতিপুৱা সময়ত এক অসহনীয় পথ দূৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় আৰু বাকী ছয় জন লোক গুৰুতৰ ভাৱে আহত হয়।মৃত ব্যক্তি দুজন চিনাক্ত কৰা অনুসৰি টেম্পু চালক দেৱজিত চৰকাৰ(৩২) আৰু ধৰিন্ধৰ ৰাভা(৫৮) স্থানীয় বাসিন্দা বুলি জানিব পৰা গৈছে।আনহাতে গুৰুতৰ ভাৱে আহত লোক কেইজন ক্ৰমে,বিদিলিয়া মোমিন,অনিল চাংমা,ভাগ্যশ্বৰ ৰাভা আৰু ফজল হক আৰু অন্য দুজন ব্যক্তিক চিনাক্ত কৰিব পৰা হোৱা নাই।

আৰক্ষীৰ তথ্যানুসৰি,এএছ১৭-৯৩১৩ নম্বৰৰ পঞ্জীয়ন কৰা পেচেঞ্জাৰ বাছ এখনেগোৱালপাৰাৰ হাসিলাপাৰাৰ পৰা নিশা ১১.৩০ বজাত যাত্ৰা আৰম্ভ কৰিছিল আৰু যাত্ৰীবাহী টেম্পু এখনৰ লগত সংঘৰ্ষ হয়।সংঘৰ্ষত টেম্পু খনৰ সন্মুখ ভাগ সম্পূৰ্ন ৰূপে ভাঙি যায় আৰু লগে লগে টেম্পু চালক জনৰ মৃত্যু হয়।আৰু অন্য আহত সকলক অতি সংকটজনক অৱস্থাত ওচৰৰে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।