ৰাজ্যিক বাতৰি

বিজেপিৰ পৰা পদত্যাগ কৰিব তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ

Sentinel Digital Desk

তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ ঘোষণা কৰে যে ২৫ মে’ত বিজেপি দল ত্যাগ কৰিব ৷বিগত,লোকসভা নিৰ্বাচনৰ সময়ত তেজপুৰ নিৰ্বাচন ক্ষেত্ৰৰ আসনৰ টিকটৰ পৰা বঞ্চিত হয় আৰপি শৰ্মা ৷ লগতে আৰপি শৰ্মাই প্ৰাৰ্থীৰ পেনেলত নিজৰ নাম অন্তৰ্ভূক্ত নকৰাৰ কাৰণেও অসন্তুষ্টি প্ৰকাশ কৰে ।

অন্যহাতে, আৰপি শৰ্মাই দিল্লীত প্ৰাৰ্থীত্বৰ পেনেলত নিজৰ নাম প্ৰত্যাখ্যান হোৱাৰ পিছত পদত্যাগ পত্ৰ দাখিল কৰিছিল ৷ কিন্তু দলৰ কেন্দ্ৰীয় নেতাসকলৰ অনুৰোধৰ পিছত আৰ পি শৰ্মাই পদত্যাগ পত্ৰ বাতিল কৰে ৷ অৱশ্যে, সম্প্ৰতি সংবাদ মাধ্যমৰ আগত শৰ্মাই প্ৰকাশ কৰিছে যে, ২৩ মে’ৰ নিৰ্বাচনৰ ফলাফলৰ পিছত পদত্যাগ পত্ৰ দাখিল কৰিব ।

ইফালে আৰ পি শৰ্মাই মন্তব্য কৰে যে মই তৃণমুল কংগ্ৰেছৰ পৰাও প্ৰস্তাৱ লাভ কৰিছোঁ ৷অগপ আৰু কংগ্ৰেছ দলৰ কথাও চৰ্চা চলি আছে যদিও এই ক্ষেত্ৰত মই কোনো ধৰণৰ পদক্ষেপ লোৱা নাই । মই ২৪ অথবা ২৫ মে’ত নিজৰ পদত্যাগ পত্ৰ দিয়াৰ পিছতহে সিদ্ধান্ত ল’ম ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি