ৰাজ্যিক বাতৰি

বিন্নিনিয়েল আলোচনা চক্ৰ জিলা কবি সমাজৰ

Sentinel Digital Desk

এদিনীয়া কাৰ্য্যসূচীৰে উদালগুৰিত সাহিত্য সভাৰ ভৱনত জিলাৰ জিলা কবি সমাজে ৪ৰ্থ সংখ্যক বিন্নিনিয়েল আলোচনা চক্ৰৰ আয়োজন কৰে। অনুষ্ঠান খনৰ আৰম্ভনিতে পতাকা উত্তোলন কৰে উদালগুৰি জিলাৰ কবি সমাজৰ সভাপতি গৌতম জ্যেতি তালুকদাৰে লগতে শ্বহীদ তৰ্পনত কবি সমাজৰ উপ সভাপতি ৰামায়ন বসুমতাৰীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

সভা অনুষ্ঠিতৰ হোৱাৰ সময়ত,দুবছৰলৈ কবি সমাজৰ সভাপতি গৌতম জ্যেতি তালুকদাৰ,গায়ত্ৰী ভট্টৰায়,অঞ্জু গোস্বামী কলিয়া আৰু উপ সভাপতি ৰঞ্জু দাস আৰু সাধাৰন সম্পাদকত বৈদ্যনাথ উপাধ্যায় লগ হৈ এখন নতুন কমিটি গঠন কৰা হয় ।

সভাখনত সভাপতিত্ব কৰে গৌতম জ্যেতি তালুকদাৰে আৰু উদ্ধোধন কৰে তৰাপতি উপাধ্যায়ে ।ছমহীয়া কবিতা আলোচনী পুঠি 'সুগন্ধি কবিতা' খন প্ৰকাশ কৰে ড° কৈলাশ চমুৱা আনহাতে,ৰঞ্জু দাসৰ 'মইনাৰ মনৰ বুৰবুৰনি' প্ৰকাশ কৰে ৰানু বড়াই আৰু মিনা দত্ত বৰুৱাৰ 'জীৱনৰ বাটে বাটে' প্ৰকাশ কৰিছে বৈদ্যনাথ উপাধ্যায়।