ৰাজ্যিক বাতৰি

বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন।

Sentinel Digital Desk

সমগ্ৰ অসমৰ লগতে মহানগৰীৰৰ বিভিন্ন স্হানত মে-ডাম-মে-ফী ৰ আয়োজন। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতি য়ে মহানগৰীৰ চ্যুকাফা নগৰ, নটবমা ৰেনচেঙৰ প্ৰাংগনত আয়োজিত কৰে আহোম সকলৰ ধৰ্মীয় অনুষ্ঠান মে-ডাম-মে-ফী। অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে দিছপুৰৰ বিধায়ক অতুল বৰা, আলোচনাপন্থী নেতা অনুপ চেতিয়া, টাই আহোমৰ জেষ্ঠ লোক সকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল।

জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ স্বৰ্গদেউ মৈদামত সেৱা জনাই। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চ্যুকাফাই যি ৬০০ বছৰীয়া বৰ অসমৰ ভেটি ৰচি থৈ গ'ল সেয়া অসমৰ অতুলনীয় অৱদান। আহোম সম্প্ৰদায়ৰ লোক সকলে তৰ্পন অনুষ্ঠানৰ দ্বাৰা দেশ আৰু সমাজৰ সকলোৰে মংগলৰ বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে। উল্লেখনীয় বিষয়তো হ'ল যে বহুতেই এই উৎসৱতো গাহৰী আৰু আহোমৰ থলুৱা দব্য সাঁজপানীৰ অনুষ্ঠান বুলিও ভাৱে কিন্ত আহোমৰ পুৰোহিত সকলে কয় যে তেওঁলোকৰ এইটো ধৰ্মীয় অনুষ্ঠান গাহৰী আৰু সাজ পানী মৃতকৰ বাবেহে আগবঢ়োৱা হয়।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি