ৰাজ্যিক বাতৰি

বৰাক উপত্যকাত বৰ্তমানেও অব্যাহত আছে চিণ্ডিকেট : বিধায়ক আনুৱাৰ হুছেইন

Sentinel Digital Desk

এ আই ইউ ডি এফৰ হাইলাকান্দিৰ বিধায়ক আনুৱাৰ হুছেইনে প্ৰকাশ কৰে যে বৰাক উপত্যকাত বৰ্তমানেও অব্যাহত আছে চিণ্ডিকেট। শুকান তামুল, কয়লা , ইউৰিয়া আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ চিণ্ডিকেট অব্যাহত আছে বৰাক উপত্যকাত। এ আই ইউ ডি এফৰ বিধায়ক জনে লগতে কয় যে এই চিণ্ডিকেট দিছপুৰৰ পৰা চলি আছে।

" চিণ্ডিকেটৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল জ্ঞাত হয় নে নহয় সেই সম্বন্ধে নাজানো " বুলি প্ৰকাশ কৰে এ আই ইউ ডি এফৰ বিধায়ক জনে । বাৰম্বাৰ মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত অবগত কৰোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কোনো ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি প্ৰকাশ কৰে।

চিণ্ডিকেটৰ সন্দৰ্ভত আনুৱাৰ হুছেইন সৰব হৈ পৰাৰ বাবে তেওঁৰ বিৰুদ্ধে বহু লোকে ষড়যন্ত্ৰ কৰিছে বুলিও প্ৰকাশ কৰে আনুৱাৰ হুছেইনে । আনুৱাৰ হুছেইনৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। লগতে কয় যে ডিজিপিক এই সন্দৰ্ভত বুধবাৰে জনোৱা হৈছে আৰু চিণ্ডিকেটৰ সন্দৰ্ভত অনুসন্ধান কৰিব বুলি আশা ব্যক্ত কৰিছে হাইলাকান্দিৰ এ আই ইউ ডি এফৰ বিধায়ক আনুৱাৰ হুছেইনে।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি