ৰাজ্যিক বাতৰি

মন্ত্ৰী পল্লৱ লোচন দাসক স্মাৰক পত্ৰ প্ৰদান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

Sentinel Digital Desk

শনিবাৰে অসম চাহ জনজাতি ছাত্ৰসন্থাই চাহ জনজাতি উন্নয়ন মন্ত্ৰী পল্লৱ লোচন দাসলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ শনিবাৰে শিৱসাগৰ জিলাৰ নাজিৰা ৰাজহচক্ৰৰ অন্তৰ্গত মাকিপুৰ চাহ বাগান পৰিদৰ্শন কৰে মন্ত্ৰী পল্লৱ লোচন দাসে ৷ মন্ত্ৰী দাসৰ পৰিদৰ্শন কালত মাকিপুৰ চাহ বাগানৰ বিভিন্ন অসুবিধাসমূহ পূৰণ কৰাৰ বাবে মন্ত্ৰী পল্লৱ লোচন দাসক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

লগতে প্ৰত্যেকজন চাহ মজদূৰৰ দৈনিক হাজিৰা ৩৫০ টকা কৰা প্ৰসংগও উত্থাপন কৰে। আনহাতে মাকিপুৰ প্ৰাথমিক বিদ্যালয়ৰ উন্নয়ন,নাজিৰা মাকিপুৰ সংযোগী পথৰ উন্নয়ন,মাকিপুৰ বিহুবাৰ পথ উন্নয়ন, বিশুদ্ধ খোৱা পানী,প্ৰতিঘৰতে বিদ্যুৰ যোগান,চাহ বাগান অঞ্চলসমূহ স্বাস্থ্যখণ্ডৰ উন্নয়ন,চাহ বাগান অঞ্চলসমূহৰ যুৱক যুৱতীসকলৰ নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত কৰা আদি বিষয়সমূহ পূৰণ কৰা কাৰণে দাবী কৰে চাহ জনজাতি ছাত্ৰ সন্থাই ৷

অন্যহাতে মন্ত্ৰী পল্লৱ লোচন দাস মথুৰাপুৰ চাহ বাগানো পৰিদৰ্শন কৰে ৷লগতে চাহ বাগানখনৰ বাসিন্দাসকলক অনাগত নিৰ্বাচনত দুৰ্নীতিমুক্ত ৰাজ্য গঢ়াৰ কাৰণে বিজপি চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী পল্লৱ লোচন দাসে ৷

অধিক খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি