ৰাজ্যিক বাতৰি

মানৱ সৰবৰাহাকাৰী দুজনকৈ লোকক গ্ৰেপ্তাৰ

Sentinel Digital Desk

যোৱা বুধবাৰে জয়সাগৰ আৰক্ষীয়ে বকটা গাঁওৰ পৰা দুজনকৈ মানৱ সৰবৰাহাকাৰীক গ্ৰেপ্তাৰ কৰে।তথ্যানুসৰি,জয়সাগৰ আৰক্ষীৰ এক অভিযানত জয়সাগৰৰ ৰংপুৰ হাই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী এজনীক ৰংঘৰ চাৰিআলিৰ পৰা উদ্ধাৰ কৰে।

ছোৱালীজনীয়ে জনোৱা অনুসৰি তিনিদিন পূৰ্বে কোনো অচিনাকী ব্যক্তিয়ে ছোৱালীজনীক অপহৃত কৰিছিল আৰু এই ঘটনাকলৈ ছোৱালী জনীৰ পিতৃ-মাতৃয়ে আগষ্টৰ ১৩তাৰিখে জয়সাগৰ আৰক্ষী থানাত এখন এফআইআৰ দাখিল কৰে।আৰক্ষীয়ে ছোৱালী জনীক বকটাৰ পৰা উদ্ধাৰ কৰে লগতে অপহৰনকাৰীক চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।অভিযোগকাৰী কেইজন ক্ৰমে দিপ বড়া আৰু বেবী শইকীয়াক জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰুদ্ৰসাগৰ গাঁওৰ পৰা আটক কৰে।জানিব পৰা মতে,দিপ বড়া আৰু বেবী শইকীয়া মানৱ সৰবৰাহাকাৰী কৰা কোনো দলৰ লগত জড়িত।