ৰাজ্যিক বাতৰি

সমাজৰ পিছপৰা অঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰ সংকল্পবদ্ধ: মুখ্যমন্ত্ৰী

Sentinel Digital Desk

বিজেপি চৰকাৰে অসমৰ পিচপৰা অঞ্চলত সকলো দিশৰ পৰা উন্নয়ন কৰাৰ বাবে সংকল্পবদ্ধ । ২০১৯ চনৰ ৰাজ্যিক বাজেটত উল্লেখ কৰা আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব দিছে বুলি প্ৰকাশ কৰে । চৰকাৰৰ প্ৰতিশ্ৰুতি সমুহ পুৰন কৰিবলৈ ৰাইজে সহায় কৰিব লাগিব । এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড়ত আনন্দৰাম বৰুৱা বটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহন কৰি এই মন্তব্য কৰে । লগতে ৪৫০ কোটি ব্যয়ৰে চৌকিদিংগিৰ খেল পথাৰ নিৰ্মাণৰ প্ৰকল্প উন্মোচন কৰে । লগতে ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্প উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। বিশুদ্ধ খোৱা পানীৰ বাবে ১৮৩,৪৬ কোটি টকাৰ আচনি উন্মোচন কৰে লগতে যাতায়াত ব্যবস্থা উন্নয়নৰ আৰু ৰাজপথত লাইটৰ ব্যবস্থা কৰাৰ লগতে নগৰ কমিটিৰ উন্নয়নৰ বাবে ৭৫,৯৬ কোটি টকা ধাৰ্য কৰা হৈছে , বিভিন্ন প্ৰতিস্থানৰ নিৰ্মাণৰ বাবে ৩৮ কোটি টকা শেনচোৱা PHC ৰ উপ কেন্দ্ৰৰ ৫,৩৭ কোটি ধাৰ্য ।

আনন্দৰাম বৰুৱা বটা প্ৰদান অনুষ্ঠানত মেট্ৰিকত ৭৫ শতাংশ পোৱা ছাত্ৰ-ছাত্ৰী সকলক লেপটপ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে যৌথ খেল পথাৰ নিৰ্মাণৰ ভূমি পুজন অনুষ্ঠানতো অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । ‘বাগিচাৰ শ্ৰমিকে বিনামূলীয়াকৈ লাভ কৰিব চাউল, এটকাতে চাউল লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ হিতাধিকাৰীয়ে।’– মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ। সুলভ পুষ্টি, খাদ্য প্ৰাপ্তি যোজনা অন্ন আঁচনিৰো উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চাউল বিতৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।