ৰাজ্যিক বাতৰি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জৰাবাৰী অভিযান্ত্ৰিক কলেজৰ আধাৰশিলা স্থাপন কৰে

Sentinel Digital Desk

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা বুধ বাৰে বিশ্বনাথ জিলাৰ বালিপুখুৰী গাৱঁৰ অন্তৰ্গত বেহালী এলএচিৰ জৰাবাৰীত অভিযান্ত্ৰিক কলেজৰ আধাৰশিলা স্থাপন কৰে। ৰাজহুৱা ভাৱে অনুষ্ঠিত হোৱা সভাখনত সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰি কয় যে,অভিযান্ত্ৰিক কলেজ খনৰ উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে প্ৰতিষ্ঠান খনৰ আন্তঃগাঁঠনিৰ পৰা আৰম্ভ কৰি পৰ্যাপ্ত পৰিমানৰ সকলো ধৰনৰ সা-সুবিধা প্ৰদান কৰিব।লগতে স্থানীয় লোক সকলক এই বিকাশ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান কৰিছে।

ইয়াৰোপৰি সৰ্বানন্দ সোণোৱালে আশা কৰিছে যে,এই কলেজ খন সম্পূৰ্ন হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰিব লগতে কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কৈছে যে,ইমান দিনে হ'বলগীয়া কাম সমূহ কাম সমূহ লেহেমীয়া গতিত চলি থকা বাবে সম্পূৰ্ন হোৱা নাই বুলি মত প্ৰকাশ কৰে।