ৰাজ্যিক বাতৰি

মুন্নাভাই ৰূপী ভুৱা ডাক্টৰক গ্ৰেপ্তাৰ

Sentinel Digital Desk

যোৱা মঙলবাৰে শ্বহীদ কুশল কোৱঁৰ অসামৰিক চিকিৎসালয়ত এজন ভুৱা ডাক্টৰক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে,ভুৱা ডাক্টৰ জনে আৰ মঞ্জিল নামৰ এজন ব্যক্তিৰ এম্বুলেঞ্চ এখন ভাড়া কৰিছিল পাটনালৈ।আৰু তেতিয়াই তেওঁ নিজকে এজন ডাক্টৰ হিচাপে পৰিচয় দিছিল গাড়ী চালক জনে।এম্বুলেঞ্চৰ গাড়ী চালক জনে তেওঁক সন্দেহ কৰি পৰিচয় পত্ৰ দেখুওৱাবলৈ কয় আৰু ব্যক্তি জনে কোনো ধৰনৰ পৰিচয় পত্ৰ দেখুওৱাব নোৱাৰে।তেতিয়া গাড়ী চালক জনে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ভুৱা ডাক্টৰ গৰাকীক জেৰা কৰে।জানিব পোৱা মতে,ভুৱা ডাক্তৰ জন গোলাঘাট জিলাৰ। গোলাঘাটৰ চাহ বাগান আৰু ভিতৰুৱা অঞ্চলত এনেকুৱা বহু ভুৱা ডাক্তৰে ৰমৰমীয়া বেপাৰ কৰি আহিছে আৰু লোক সকল ভিন্ন ৰোষত পৰাও দেখিব পোৱা গৈছে।