ৰাজ্যিক বাতৰি

যোগ্য শিক্ষাৰ্থীলৈ ১ কোটিৰ স্কলাৰশ্বিপ ঘোষণা নৰ্থইষ্ট আই এ এচৰ

Sentinel Digital Desk

২০১৯-২০ চনত অসম অথা উত্তৰ পূৰ্বাঞ্চলৰ যোগ্য শিক্ষাৰ্থীলৈ ১ কোটি টকাৰ মেধাৰ ভিত্তিত স্কলাৰশ্বিপ ঘোষণা কৰিছে নৰ্থ ইষ্ট ইষ্টিটিউড অব এডভান্স ষ্টাডিজে । আচনি খনৰ অধিনত মেত অনুষ্ঠিত হব লগা পাৰফ'মেঞ্চ টেষ্টৰ ওপৰত ভিত্তি কৰি গুৱাহাটী আৰু দিল্লী ইষ্টিটিউডত ১০০ জন শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰিব ।

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা প্ৰকাশ কৰে । মিচন 100 অধিনত ৩ বছৰত ইষ্টিটিউড খনৰ পৰা ৭ শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়। ২০১৭ চনত ইউপিএচচি চিএচই ত ৩ জন, ২০১৮ চনত ইউপিএচচি চিএচই ৪ জন উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হয় । এই আচনিৰ অধিনত মেধাৰ ভিত্তিত যোগ্য প্ৰাৰ্থীক সহায় কৰা হব । যোগ্যতা ভিত্তিত যাতে আগুৱাই যাব পাৰে তাৰ বাবে এই পদক্ষেপে গ্ৰহণ কৰা হৈছে ।

এই স্কলাৰশ্বিপৰ জৰিয়তে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী সকলক আগবাঢ়ি যোৱাত অধিক সহায় কৰিব বুলি প্ৰকাশ কৰে নৰ্থ ইষ্ট আই এ এচৰ সঞ্চালক শংকৰ ৰায়ে । লগতে প্ৰকাশ কৰে ইষ্টিটিউড খনে দিল্লীৰ প্ৰশিক্ষকৰ যোগেদি শিক্ষাদানৰ ব্যবস্থা কৰাৰ লগতে আই এ এচ টপাৰে প্ৰশিক্ষণ দিব।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি