ৰাজ্যিক বাতৰি

যোৰহাটৰ শিক্ষা প্ৰতিস্থানত ভয়ঙ্কৰ অগ্নিকাণ্ড

Sentinel Digital Desk

যোৰহাট নগৰৰ যোৰহাট সদৰ আৰক্ষী চকীৰ অন্তৰ্গত জেইল ৰোডত অৱস্থিত অগ্ৰনী শিক্ষা প্ৰতিস্থান ব্ৰিলিয়ান্ট একাডেমিত এক ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘটিত হয়।শিক্ষা প্ৰতিস্থান খনৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাগাৰত স্বট স্বাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয়।সৌভাগ্যক্ৰমে ৰবিবাৰ হোৱা বাবে প্ৰতিস্থান খনত কোনো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত নাছিল।প্ৰতিস্থানখনৰ কাৰ্য্যালয় সহায়ক এজনে পৰীক্ষাগাৰৰ পৰা জুইৰ লেলিহাল দেখি লৰালৰিকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান সময়ত উপস্থিত হৈ এক ভয়ঙ্কৰ দুৰ্যোগৰ পৰা শিক্ষা প্ৰতিস্থান খনক ৰক্ষা কৰে।