ৰাজ্যিক বাতৰি

লক্ষীমপুৰ জিলা পৰিবহন বিষয়াক স্মাৰক পত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Sentinel Digital Desk

উত্তৰ লক্ষীমপুৰৰ ক্ষেত্ৰীয় কমিটীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সভাপতি মনোজ কলিতা,সম্পাদক দিব্যলখী নাথ,জিলা সম্পাদক ম’বিন আহমেদ , সাংস্কৃতিক সম্পাদক বিশাল শইকীয়াই শুক্ৰবাৰে লক্ষীমপুৰ জিলা পৰিবহন বিষয়াক এখন স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰৰ জৰিয়তে লক্ষীমপুৰত পথত সততে চলি থকা ডাম্পাৰ আৰু ট্ৰেক্টৰসমূহে কৰা অভাৱনীয় পৰিস্থিতিক ৰোধ কৰিবৰ কাৰণে আহ্বান কৰে।

কাৰণ তীব্ৰ বেগী ডাম্পাৰ আৰু টেক্টৰ সমূহে যিকোনো মুহুৰ্তে পথচাৰীৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে। লগতে কিছুসংখ্যক ডাম্পাৰ আৰু টেক্টৰৰ এতিয়ালৈকে নাম পঞ্জীয়ন কৰা নাই।ইফালে সেই অঞ্চলতে আজি কিছুদিনৰ আগতে দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল। কিছু বাহনখনৰ ওচৰত কোনো পঞ্জীয়নকৃত নম্বৰ নাছিল কাৰণেই, দুৰ্ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ ল’ব নোৱাৰিলে বিভাগীয় কৰ্তৃপক্ষই।

অন্যহাতে স্মাৰক পত্ৰৰ জৰিয়তে সংগঠনটোৱে কিছুসংখ্যক নাবালিকক বাহন চলোৱাত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আহ্বান কৰে জিলা পৰিবহন বিষয়াক ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি