ৰাজ্যিক বাতৰি

লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত বিপিএফ জয় হোৱাটো নিশ্চিত: হাগ্ৰামা মহিলাৰী

Sentinel Digital Desk

আজি কোকৰাঝাৰ চহৰৰ নিকটৰ বাথৌ কমপ্লেক্সৰ আৰনাই ৰেষ্টুৰেন্টৰ পেক্ষাগৃহত আয়োজিত হয় বিপিএফৰ দলীয় সভা। এই সভাত অংশগ্ৰহন কৰাৰ পাছতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে যে কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ জয় হোৱাটো নিশ্চিত। নৱ কুমাৰ শৰনীয়া আৰু উৰ্খাও গৌৰা ব্ৰহ্মৰ অংক মিলা নাই বাবে নিৰৱে আছে বুলি সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তগৰ্ত দহটা বিধানসভা সমষ্টি ক্ৰমে ২৮ নং গোসাঁই গাঁও, ২৯ নং কোকৰাঝাৰ পশ্চিম, ৩০ নং কোকৰাঝাৰ পূৱ, ৩১ নং চিদলী, ৩৩ নং বিজনী, ৪০ নং সৰভোগ, ৪১ নং ভৱানীপুৰ, ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰী সমষ্টিৰ প্ৰত্যেকটো সমষ্টিৰ পৰা ৫০ হাজাৰ ভোট লাভ কৰিলেও ৫ লক্ষাধিক ভোটত বিপিএফ জয় হব বুলি প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

লগতে তেওঁ কয় যে বিপিএফে ৫ লক্ষাধিক ভোট লাভ কৰিব, নব কুমাৰ শৰনীয়ায়ে ৪ লাখ আৰু উৰ্খাও গৌৰা ব্ৰহ্ময়ে ৩ লাখ আৰু কংগ্ৰেছে এক লাখ ভোট লাভ কৰিব বুলি প্ৰকাশ কৰে।

নব কুমাৰ শৰনীয়া আৰু উৰ্খাও গৌৰা ব্ৰহ্মক কটাক্ষ্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিৰোধীৰ অংক নিমিলাৰ বাবে নিশ্চুপ হৈ আছে । ভোট বিভাজনৰ পৰিনতিতে বিপিএফ জয় বুলি প্ৰকাশ কৰে।

লগতে হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰে যে ১৪ খন লোকসভা আসনৰ ভিতৰত ১০ ৰ পৰা ১২ খন আসন বিজেপিৰ মিত্ৰজোট চৰকাৰে দখল কৰিবলৈ সক্ষম হব । আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্মা বিজয় হব বুলি আত্মবিশ্বাসী বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি