ৰাজ্যিক বাতৰি

লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান পল্লব লোচন দাসক

Sentinel Digital Desk

লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে তৃতীয় খন প্ৰাৰ্থীৰ তালিকা । তৃতীয় খন তালিকাত তেজপুৰ লোকসভা সমষ্টিৰ পৰা শ্ৰম আৰু নিয়োগ মন্ত্ৰী পল্লব লোচন দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰে।

ইতিমধ্যে কংগ্ৰেছে ১০ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । তেজপুৰ সমষ্টিত কংগ্ৰেছে এম জি ভি কে ভানুক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । এম জি ভি কে ভানুৰ প্ৰতিদন্দ্বি হিচাপে বিজেপিয়ে শ্ৰম আৰু নিয়োগ মন্ত্ৰী পল্লব লোচন দাসেক আজি প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ।

আনহাতে লোকসভা নিৰ্বাচনৰ ঘোষণা কৰা প্ৰাৰ্থী সমুহ হৈছে কৰিমগঞ্জৰ পৰা কৃপানাথ মাল্লা , শিলচৰৰ পৰা ডঃ ৰাজদীপ ৰয় , ডিফুৰ পৰা হৰেন সিংবে, গুৱাহাটীৰ পৰা কুইন ওজা, মংগলদৈৰ পৰা দিলিপ শইকীয়া, যোৰহাটৰ পৰা তপন গগৈ, ডিব্ৰুগড়ৰ পৰা ৰামেশ্বৰ তেলী আৰু লক্ষিমপুৰ পৰা প্ৰদান বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

উল্লেখযোগ্য যে তিনি জন লোকসভা সাংসদক অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই । ১৪ টা লোকসভা সমষ্টিৰ ৯ টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে । বৰ্তমানলৈকে নগাঁও সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। মিত্ৰজোটৰ অগপয়ে ৩ টা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে বি পি এফয়ে এটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিব ।

কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদন্দ্বিতা নকৰে । ধৰ্ষণৰ গোচৰত অভিযুক্ত ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ যেতিয়ালৈকে গোচৰৰ মীমাংসা নহয় তেতিয়ালৈকে কোনো নিৰ্বাচনতে অংশগ্ৰহন কৰিব নোৱাৰে ।

উল্লেখযোগ্য যে প্ৰথমতে তেজপুৰ লোকসভা সমষ্টিৰ পৰা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰকাশ কৰাৰ সম্ভাৱনা আছিল যদিও বৃহস্পতি বাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰকাশ কৰে যে হিমন্ত বিশ্ব শৰ্মাই ২০১৯ চনত লোকসভা নিৰ্বাচন নেখেলে । তাৰ পৰিবৰ্তে হিমন্ত বিশ্ব শৰ্মাই নেডাৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰিব বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি