ৰাজ্যিক বাতৰি

লোকসভা নিৰ্বাচনৰ : কোকৰাঝাৰাত ৩ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাখ্যান

Sentinel Digital Desk

মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ পাছত কোকৰাঝাৰ লোকসভা সমষ্টিত ১২ জন প্ৰাৰ্থীৰ ৩ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাখ্যান কৰে ৰিটাৰনিং অফিচাৰে।

নিৰ্বাচনী বিষয়ায়ে বৈধ বুলি স্বীকৃতি দিয়া প্ৰাৰ্থী কেইজন হৈছে কংগ্ৰেছৰ শব্দ ৰাম ৰাভা, চি পি আই এমৰ বিৰাজ ডেকা , আন্তঃৰাষ্ট্ৰীয় ভোটাৰ পাৰ্টিৰ ৰাজেশ নাৰ্জাৰী, পূৰ্বাঞ্চল জনতা পাৰ্টিৰ স্বাৰান ইছৱাৰী, বি পি এফ অথা বিজেপিৰ মিত্ৰজোট চৰকাৰ প্ৰাৰ্থীৰ প্ৰমীলা ৰানী ব্ৰহ্ম, ইউনাইটেড পিপলচ পাৰ্টিৰ উৰ্খাও গৌৰা ব্ৰহ্ম, আই এন ডিৰ নব কুমাৰ শৰনীয়া, আই এন ডিৰ ৰঞ্জয় কুমাৰ ব্ৰহ্ম আৰু আই এন ডিৰ প্ৰসেঞ্জিত কুমাৰ দাস।

আনহাতে আই এন দিৰ মুন কুমাৰ বসুমতাৰী, এ আই টি চি কমলা কান্ত দৈমাৰী আৰু আই এন ডি ৰ প্ৰৰেশ বড়োৰ মনোনয়ন পত্ৰ প্ৰত্যাখ্যান কৰিছে নিৰ্বাচনী বিষয়ায়ে ।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লোকসভাৰ নিৰ্বাচন। ১১ এপ্ৰিলত প্ৰথম পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব । ৫ টা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব ১৮ এপ্ৰিলত। দ্বিতীয় পৰ্যায় নিৰ্বাচনো ৫ সমষ্টিত অনুষ্ঠিত হব । ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায় ভোট গ্ৰহণ । তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ ৪ টা সমষ্টিত অনুষ্ঠিত হব । ২৩ মেত ফলাফল ঘোষণা কৰিব ।কোকৰাঝাৰত ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ ।নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে । লগতে সকলো ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি