ৰাজ্যিক বাতৰি

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত লক্ষ্মিমপুৰ লোকসভা সমষ্টিৰ ধেমাজিত কংগ্ৰেছৰ প্ৰাৰ্থীক আক্ৰমণ

Sentinel Digital Desk

অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হব ১১ এপ্ৰিলত । ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । ভোট গ্ৰহণৰ পুৰ্বে লক্ষ্মিমপুৰ লোকসভা সমষ্টিৰ ধেমাজিত নিৰ্বাচনী হিংসাত্মক কাৰ্য সংঘটিত হৈছে । লক্ষিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঞিক শুকুৰবাৰে অচিনাক্ত দুৰ্বিত্তয়ে আক্ৰমণ কৰে। ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাচুটিত কংগ্ৰেছৰ প্ৰাৰ্থী জনক আক্ৰমণ কৰে।

জোনাই সমষ্টিৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী প্ৰচাৰৰ চলাই ধেমাজি জিলাৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ পথতে দুৰ্বিত্তয়ে আক্ৰমণ সংঘটিত কৰে।

এই আক্ৰমণৰ ফলত প্ৰাৰ্থী অনিল বৰগোহাঞি আহত হোৱাৰ লগতে আৰু বাহন খন ক্ষতিগ্ৰস্থ হয় । কংগ্ৰেছ সমৰ্থক সকলে এই ঘটনাৰ প্ৰতিবাদ জনাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আৰু এই ঘটনাৰ লগত জড়িত দুৰ্বিত্তক আটক কৰিবলৈ দাবী উত্থাপন কৰিছে ।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ধুবুৰীত ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি