ৰাজ্যিক বাতৰি

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত নিশা ডিমৌত বিজেপি কৰ্মীৰ বিজয় উল্লাস

Sentinel Digital Desk

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিজেপি কৰ্মী সকলৰ বিজয় উল্লাস । অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ৯ টা সমষ্টিতে বিজেপিয়ে বিজয় সাব্যস্ত কৰে ।

যোৰহাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঞিক প্ৰতিহত কৰিবলৈ সক্ষম হয় দিপক কুমাৰ গগৈয়ে । বিজেপিৰ প্ৰাৰ্থী দিপক কুমাৰ গগৈৰ সমৰ্থন সকলে বিজয় উল্লাস কৰা পৰিলক্ষিত হয় ।

যোৰহাটত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে লাভ কৰে ৫,৪৩,২৮৮ ভোট । কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঞিয়ে লাভ কৰে ৪,৬০,৬৩৫ টা ভোট ।

ডিমৌত বিজেপিৰ কৰ্মী সকলৰ লগতে সমৰ্থক সকলে নিশাত নাচি বাগি আনন্দ মতলীয়া হৈ পৰা পৰিলক্ষিত হয় । বিজেপিৰ কৰ্মী সকলে ডিমৌত ঢোল বজাই আনন্দ কৰে। আনহাতে সমগ্ৰ জিলা খনতে বিজেপি কৰ্মীয়ে আতচবাজী ফুটাই আনন্দ কৰে বিজেপিৰ বিজয়ত ।

সমগ্ৰ দেশতে বিজেপিয়ে ৩০৩ খন আসন লাভ কৰাৰ লগতে বিজেপি মিত্ৰজোটে ৩৫৩ খন আসন লাভ কৰিবলৈ সক্ষম হয় । সমান্তৰালকৈ অসমতো বিজেপিয়ে ৯ খন আসন লাভ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি