ৰাজ্যিক বাতৰি

লোকসভা নিৰ্বাচনৰ সজাগতাৰ ওপৰত দিছপুৰ জনতা ভৱনত নিৰ্বাচনী আয়োগৰ সংবাদমেল

Sentinel Digital Desk

আগন্তুক লোকসভা নিৰ্বাচনৰ নিৰাপত্তা আৰু সজাগতাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ । আজি দিছপুৰ জনতা ভৱনত নিৰ্বাচনী আয়োগৰ সংবাদমেল। SVEEP নিৰ্দেশনাৰ পিছত সকলোৰে মাজত ভোট দানৰ সজাগতাৰ সৃষ্টিৰ বাবে লোৱা হৈছে বিভিন্ন পদক্ষেপ লোৱা হৈছে ।

ইতিমধ্যে সমগ্ৰ ৰাজ্যতে লোকসভা নিৰ্বাচনক লৈ কুইজ প্ৰতিযোগিতা আৰম্ভ হৈছে বুলি প্ৰকাশ কৰে । ২৪ মাৰ্চত গুৱাহাটী IIT Guwahati ত আৰু ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হব কুইজৰ চূড়ান্ত প্ৰতিযোগিতা। লগতে ভোটদানৰ সজাগতাৰ বাবে আৰম্ভ হৈছে আইদেউ চৰা।

সকলোৱে যাতে নিজৰ ভোট সাব্যস্ত কৰিব পাৰে তাৰবাবে সমগ্ৰ অসমত ২৫৫৬ গৰাকী চন্দ্ৰপ্ৰভা বাইদেৱে সজাগতাৰ বাবে কাম কৰি আছে বুলিও জনাই নিৰ্বাচনী আয়োগে ।

উল্লেখযোগ্য যে দিব্যাংগ সকলৰ সুবিধাৰ্থে হুইল চেয়াৰ ব্যৱস্থা কৰা হৈছে। ভোটাধিকাৰ সুনিশ্চিত কৰিবলৈ কামৰূপ চেল্ফ হেল্প গ্ৰুপ, ৰেড এফ এম সহযোগ কৰিছে বুলি প্ৰকাশ কৰে । লগতে

নিৰ্বাচনী আয়োগে মুকলি কৰিলে নিৰ্বাচনী বেনাৰ, অডিঅ লগতে ৫ টাকৈ ভিডিঅ।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ।

মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে উন্মোচন কৰে 'আইদেউৰ হাতপুথি'। ভোটদানৰ সম্পৰ্কে যিকোনো তথ্য এই পুথি খনত উল্লেখ কৰা হৈছে।

অসমত ১১ , ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। ১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায় নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১৮ এপ্ৰিলত আন ৫ টা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । ২৩ এপ্ৰিলত ৩ টা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰায় বোৰ ভোট গ্ৰহণ কেন্দ্ৰ সাজু হৈ উঠিছে । আৰু সজাগতাৰ বাবে বিভিন্ন এপ মুকলি কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি