ৰাজ্যিক বাতৰি

শিলচৰত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰন

Sentinel Digital Desk

শিলচৰৰ জিলা পুথিভৰালৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰনৰ এক অনুষ্ঠান আয়োজন কৰা হয়।অনুষ্ঠান খনত ৰাজ্যৰ বন,মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবদ্য অতিথি হিচাপে উপস্থিত থাকি কৃষক সকলৰ মাজত ১৩ খন ট্ৰেক্টৰ বিতৰন কৰে।মন্ত্ৰীজনে লগতে তেওঁৰ ভাষনত কয় যে মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যৰ প্ৰত্যেক খন গাঁওৰ হিতাধিকাৰী কৃষকৰ মাজত বিতৰন কৰা হৈছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে বহুত পৰিকল্পনা হাতত লৈছে আৰু কৃষক বন্ধু সকলৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰিবৰ বাবে চেষ্ঠা কৰিছে।মন্ত্ৰীজনে লগতে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষক সকলৰ উপাৰ্জন ২০২২ চনৰ ভিতৰত দুগুন কৰিবলৈ অভিযান আৰম্ভ কৰিছে।অনুস্থানত বিধায়ক আমিনুল হক লস্কৰ ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰুকায়স্থ আৰু কাচাৰ জিলাৰ উপায়ুক্ত ড° এচ লক্ষ্মনন উপস্থিত থাকে।