ৰাজ্যিক বাতৰি

শিশুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য শিৱিৰ আয়োজন

Sentinel Digital Desk

যোৱা বুধবাৰে ধুবুৰী জিলাৰ ভিতৰুৱা অঞ্চলৰ ০-৬বছৰীয়া শিশু সকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ডাক্তৰ পান্নালাল ঔশুৱাল মেমৰিয়েল কমিটীৰ সৈতে ধুবুৰীৰ অসামৰিক হাস্পতালৰ পুষ্টিকৰ দল এটাই এক শিৱিৰৰ আয়োজন কৰে।

শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই শিৱিৰৰ আয়োজন কৰা হয় যিহেতু পোষান মাহ কাৰ্য্যসূচী চলি আছে ঠিক এই সময়তে শিশু সকলে যাতে শাৰীৰিক দিশত সুস্থ সৱল লগতে পুষ্টিকৰ হৈ উঠিব পাৰে। স্বাস্থ্য শিৱিৰটোত ১৫০জন শিশুৰ স্বাস্থ্য পৰীক্ষা যেনে,ওজন,দৈৰ্ঘ্য,অডেমা,বৃদ্ধি আদিৰ পৰীক্ষা কৰা হয়।