ৰাজ্যিক বাতৰি

শিৱসাগৰ আৰক্ষীৰ হাতত গাড়ী চুৰ আটক

Sentinel Digital Desk

যোৱা দেওবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰীসাগৰৰ পৰা গৌৰীসাগৰ আৰক্ষীৰ সহায়ৰ শিৱসাগৰ আৰক্ষীয়ে দুজনকৈ গাড়ী চুৰক আটক কৰে । আটক কৰা লোক দুজনে যোৱা দেওবাৰে নিশা শিৱসাগৰ মৰানৰ জ্যোতিনগৰৰ জয়ন্ত স্বৰ্গীয়াৰীৰ এ এছ-০৬-ডি-৬৩৫০ নম্বৰৰ মাৰুতি বলেৰ' গাড়ী এখন চোৰ হয় । মৰান আৰক্ষীৰ পৰা তথ্য পোৱা অনুসৰি শিৱসাগৰ আৰক্ষীয়ে যোৱা দেওবাৰে নিশা গৌৰীসাগৰৰ পৰা ধৃত চুৰ দুটাক আটক কৰে ।

আটক হোৱা চুৰ দুজন চিনাক্ত কৰা অনুসৰি,আমগুৰিৰ মোহন বড়া(২৮),অৰুনাচল প্ৰদেশৰ টাকনিশ টাকি(২৫) । লোক দুজনৰ পৰা ২২ ৰিভলভাৰৰ সৈতে ৬ টাকৈ লাইভ বুলেট জব্দ কৰে ।