ৰাজ্যিক বাতৰি

শিৱসাগৰৰ পথ নিৰ্মাণৰ বাবে ১০০কোটি আবণ্টন

Sentinel Digital Desk

শিৱসাগৰৰ পথ নিৰ্মাণ আৰু নৱীকৰণ কৰাৰ বাবে ৰাজ্যিক গড়কাপ্তানীয়ে আৱণ্টন কৰিলে ১০০কোটি টকা।ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ৮ তাৰিখে শিৱসাগৰ পৰিদৰ্শন কৰা সময়ত এই কথাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় আৰু লগতে আগষ্টৰ ২০তাৰিখৰ ভিতৰত সম্পূৰ্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে।গড়কাপ্তানীয়ে আবণ্টন কৰা টকাৰ পৰা থৌৰা এলএচিয়ে ৩৫কোটি,আমগুৰি এলএচিয়ে ৩২কোটি,নাজিৰা এলএচিয়ে ২৫কোটি আৰু শিৱসাগৰ এলএচিয়ে ১২.৮০কোটি টকা সংগ্ৰহ কৰে।প্ৰথমতে,শিৱসাগৰৰ বিজি ৰোড আৰু নাজিৰা সংযোগী ধুদৰ আলীৰ ১৫কিল'মিটাৰ পথ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰিছে।তাৰ পিছত জয়সাগৰ বগীদল নাজিৰা সংযোগী দুবৰানী আলীৰ ১২কিল'মিটাৰ পথ নিৰ্মাণ কৰিব আৰু নাজিৰা গেলেকী নামটি চাৰিআলিৰ সংযোগী পথ বৰালি ১১.৫৫কিল'মিটাৰ পথ নিৰ্মাণৰ কাম কৰিব বুলি শিৱসাগৰ গড়কাপ্তানী বিভাগে জানিবলৈ দিয়ে।উচ্চ সম্পন্ন নিৰ্মাণ কাৰ্য্যৰ বাবে শিৱসাগৰ জিলা উপায়ুক্ত আৰু শিৱসাগৰ গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তা আৰু এলএচিৰ এছডিঅ' সকল আৰু বিধায়ক সকলক লৈ এখন কমিটী গঠন কৰা হয়।