ৰাজ্যিক বাতৰি

শোণিতপুৰৰ জিলা অধীক্ষকৰ কাৰ্যালয়ত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে EVM,VVPAT পৰীক্ষা

Sentinel Digital Desk

আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দেওবাৰে শোণিতপুৰ জিলা অধীক্ষকৰ কাৰ্যালয়ৰ কনফৰেন্স হ'লত EVM আৰু VVPAT মেচিন পৰীক্ষা কৰা হয় । জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়া, ৰাজনৈতিক নেতা আৰু সাংবাদিকৰ উপস্থিতিত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হব লগা ভোট গ্ৰহণৰ আগত EVM আৰু VVPAT পৰীক্ষা কৰে । সকলো

EVM মেনেজিঙ চিষ্টেমৰ বেলট ইউনিট আৰু কন্ট্ৰল ইউনিট আৰু VVPAT মেচিন সংৰক্ষণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ১,১১৮ ভোটাৰৰ বিপৰীতে এটা মেচিন ভোট গ্ৰহণ কেন্দ্ৰত দিয়া হব।

১,১১৮ ভোটা গ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ২৬ শতাংশ বেলট ইউনিট আৰু কন্ট্ৰল ইউনিট সংৰক্ষণ কৰা হৈছে আৰু ২৬ শতাংশ VVPAT মেচিন সংৰক্ষণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ।

প্ৰথম পৰ্যায়ৰ EVM আৰু VVPAT পৰীক্ষাৰ পক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে । দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা পিছত অনুষ্ঠিত কৰা হব বুলি প্ৰকাশ কৰে । অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনত যাতে কোনো বিসংগতি নহয় তাৰ বাবে এই ব্যৱস্থা

গ্ৰহণ কৰা হৈছে। EVM আৰু VVPAT পৰীক্ষা কৰাতো ভাৰতীয় লোকসভা নিৰ্বাচন আয়োগৰ নিৰাপত্তা প্ৰটকল , পৰীক্ষন আৰু ভাৰাসাম্য ৰক্ষা কৰাটো নিৰ্বাচনৰে এটা অংশ । যাতে কোনো দুষ্ট চক্ৰই নিৰ্বাচনত অপব্যৱহাৰ কৰিব নোৱাৰে ।

এই অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়া আৰু জিলা অধীক্ষক নাৰসিং পাৱাৰ, তেজপুৰৰ নিৰ্বাচনী বিষয়া সুভ্ৰাম আদিত্য বৰা আৰু শোণিতপুৰ জনসংযোগ বিভাগৰ বিষয়া নীনা বৰুৱা আৰু জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়া উপস্থিত থাকে এই অনুষ্ঠানত।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি