ৰাজ্যিক বাতৰি

সদৌ আদীৱাসী ছাত্ৰ সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

Sentinel Digital Desk

চৰকাৰৰ জাননি সমূহৰ বাহিৰে অন্য কোনো ধৰনৰ বিকাশ হোৱা দেখিবলৈ পোৱা যোৱা নাই,লগতে চাহ বাগানৰ কৰ্মী সকলৰ দৈনিক মজুৰিৰ হাৰ বৃদ্ধিৰ বাবে জানুৱাৰী মাহতে জাননি পঠোৱাৰ পিছতো কোনো ধৰনৰ সুফল নোপোৱাত লক্ষীমপুৰৰ সদৌ আদীৱাসী ছাত্ৰ সংগঠন যোৱা সোমবাৰে লক্ষীমপুৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰে জিলা খনৰ সভাপতি দেবিদ চুয়মোৰাম আৰু সম্পাদক বসন্ত কৰ্মকাৰ।সংগঠনটোৱে দাবী কৰে চৰকাৰকে বাতিল কৰা দৈনিক মজুৰি ৩০টকাৰ হাৰ আৰু চাহ বাগানৰ কৰ্মচাৰী সকলৰ দৈনিক মজুৰি আগষ্ট মাহৰ ভিতৰত বঢ়াবৰ বাবে সংগঠনটোৱে দাবী উত্থাপন কৰে।ইয়াৰ উপৰিও নুন্যতম ৩৫০টকাৰ তলত যাতে নহয় আৰু ২০১৯চনৰ জানুৱাৰীৰ পৰা বৰ্ধিত হাৰত বেতন দিবলৈ পৰা বৰ্ধিত সংগঠনটোৱে দাবী কৰে।ইয়াৰ পিছত চাহ বাগানৰ অঞ্চলত এমই স্কুল আৰু হাইস্কুল স্থাপিত কৰিবলৈও দাবী উত্থাপন কৰে।