ৰাজ্যিক বাতৰি

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সাই বিকাশৰ সাফল্য

Sentinel Digital Desk

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সাই বিকাশৰ সাফল্য ৷ সাই বিকাশ কলেজে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত সপ্তদীপ সাহাই ষষ্ঠ স্থান আৰু জীৱন জ্যোতি কলিতাই অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়। ষষ্ঠ স্থান দখল কৰা সপ্তদীপ সাহাই মুঠ ৪৭২ নম্বৰেৰে ৯৪.৪ শতাংশ নম্বৰ লাভ কৰে। আৰু অষ্টম স্থান দখল কৰিবলৈ সক্ষম হোৱা জীৱন জ্যোতি কলিতাই মুঠ ৪৭০ নম্বৰেৰে ৯৪ শতাংশ লাভ কৰে ৷

ইফালে সাই বিকাশ কলেজত ২৯৭ জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে ২৮৯ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আৰু ৮ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। কলেজখন উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ ৷ অন্যহাতে ২০১৭ বৰ্ষত কলেজখনৰ ১ জন ছাত্ৰই দশম স্থান অধিকাৰ কৰিছিল ৷ আৰু ২০১৮ চনত মাত্ৰ এক নম্বৰৰ কাৰণে স্থান লাভৰ পৰা বঞ্চিত হয় এজন ছাত্ৰ ৷ উল্লেখ্য যে চলিত বৰ্ষত জে ই ইত পাঁচ জন ছাত্ৰ ছাত্ৰীয়ে ৯৯ শতাংশ লাভ কৰে ৷

ইয়াৰে চালমা চুলতানাই লাভ কৰে ৯৯.৪৮ শতাংশ,ৱস্তল আগৰৱালে লাভ কৰে ৯৯.৪৩ শতাংশ,ৰিফত হুছেইনে লাভ কৰে ৯৯.৩৭ শতাংশ,ৰাকিব উজ্জামান ৯৯.২২ শতাংশ,জীৱন জ্যোতি কলিতাই ৯৯.২২ শতাংশ লাভ কৰে ৷ ইফালে চলিত বৰ্ষৰ চি ই ইত বস্তল আগৰৱালে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান আৰু জীৱন জ্যোতি কলিতাই তৃতীয় স্থান লাভ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি