ৰাজ্যিক বাতৰি

সমূহ ভাৰতত ভাল কাম প্ৰদৰ্শন কৰিছে আৰ্মী পাব্লিক স্কুলে

Sentinel Digital Desk

যোৱা বুধবাৰে যোৰহাটৰ চৰাইবাহীৰ আৰ্মী পাব্লিক স্কুলত ২০১৮বৰ্ষৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষক সন্মিলনত ভিএছএম,চিঅএছ আৰু ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰশাসনিক অধ্যক্ষ এলটি. জেনেৰেল সুনিল শ্ৰীবাস্তৱ মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে,"কেন্দ্ৰীয় বিদ্যালয় সমূহতকৈ আৰ্মী পাব্লিক স্কুলে সমগ্ৰ ভাৰতবৰ্ষত সুন্দৰ কাম কৰি দেখুওৱাবলৈ সক্ষম হৈছে।ইয়াৰ উপৰিও স্কুল খনৰ শিক্ষা ব্যৱস্থাও অতি ভাল বুলি মত সদৰী কৰে আৰু এইক্ষেত্ৰত বিদ্যালয় খনৰ শিক্ষক আৰু প্ৰধান শিক্ষকেও এক শিক্ষাৰ বিকাশত ক্ষেত্ৰত গুৰু দায়িত্ব বহন কৰিব লাগে।

যোৰহাট আৰ্মী পাব্লিক স্কুলৰ দ্বাদশ শ্ৰেণীৰ প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰী ভাল ফলাফলৰ বাবে বটাঁ প্ৰদান কৰা হৈছে।বটাঁ সমূহ প্ৰদান কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক য়াশ্মিন কৌৰ বাচিনে।