ৰাজ্যিক বাতৰি

সুৰক্ষিত আৰু শান্তি পূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে ধুবুৰীৰ এক বিশেষ সিদ্ধান্ত

Sentinel Digital Desk

২৩ এপ্ৰিলত হ’ব লগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ধুবুৰী সংসদীয় ক্ষেত্ৰত প্ৰশাসন ৰাখিছে তীব্ৰ দৃষ্টি ৷ ধুবুৰী জিলা প্ৰশাসনে ২১ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ অৰ্থাৎ তিনিদিনৰ কাৰণে সুৰাৰ দোকানসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে ৷ ২৩ এপ্ৰিলত হ’ব লগীয়া নিৰ্বাচনৰ কাৰণে ধুবুৰী প্ৰশাসনৰ এই ব্যৱস্থা ৷

ইফালে ধুবুৰী সংসদীয় ক্ষেত্ৰৰ সকলো সংবেদন আৰু অতি সংবেদনশীল ভোটদান কেন্দ্ৰত সুৰক্ষা বাহিনী নিয়োজিত কৰা হৈছে ৷ ইফালে সমষ্টিটোত ১৮,৪৫,১১৯ জন ভোটদাতাৰ ভিতৰত, পুৰুষৰ সংখ্যা হৈছে ৯,৪৪,০২৫ জন আৰু ৯,০১,১৭৪ গৰাকী মহিলা ভোটাৰ৷ ভোটদান কেন্দ্ৰ আছে ২,৪৫০ টা ৷ প’লিং বিষয়া অনিমেষ তালুকদাৰে নিৰ্বাচনৰ সকলো কাৰ্য সমাপ্ত হোৱাৰ কথা উল্লেখ কৰে।

লগতে তালুকদাৰে কয় যে আজি দুপৰীয়া ২ বজালৈকে ভোটদান সামগ্ৰীৰ বিতৰণ কৰিব। আৰু ২৩ এপ্ৰিলৰ পুৱা সকলো পৰীক্ষা কৰিব। ইয়াৰ মাজতে ১৩ এপ্ৰিলৰ পৰা হোৱা ১৫ দিনীয়া আশোকা অষ্টমী মেলা ২১ এপ্ৰিলৰ পৰা চাৰিদিনৰ কাৰণে বন্ধ ৰখা হৈছে ৷ নিৰ্বাচন যাতে সুকলমে অথবা সুৰক্ষিতভাৱে অনুষ্ঠিত হয় তাৰ কাৰণেই এই ব্যৱস্থা কৰা হৈছে ৷

এই মন্তব্য জিলা প্ৰশাসনৰ ৷ ইফালে নিৰ্বাচনৰ কাৰণে মেলা স্থগিত কৰি ৰখাৰ সিদ্ধান্তত মেলাত বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ কাৰণে,ক্ষোভ প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি