সোনাৰিৰ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰটোৰ পৰিচালক হেমন্ত চাহুৱে পৰীক্ষাৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ আনিছে ছাত্ৰ-ছাত্ৰী সকলে।অনিয়মীয়া ছাত্ৰ-ছাত্ৰীক টকাৰ বিনিময়ত অন্য ছাত্ৰ-ছাত্ৰীৰ হতুৱাই পৰীক্ষা দিয়াই উত্তীৰ্ণ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। পৰিচালক হেমন্ত চাহুৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে ছাত্র-ছাত্ৰী সকল। ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকল তলা ওলমাই দিলে কেন্দ্ৰটোত।