ৰাজ্যিক বাতৰি

সৰ্বাধিক চাহ উৎপাদনৰ পিছতো নিৰাশাত চাহ উদ্যোগ

Sentinel Digital Desk

২০১৮ চনত সৰ্বাধিক চাহ উৎপাদন হৈছে ৰাজ্যত । ৬৯১.৯৮ মিলিয়ন কেজি উৎপাদন হৈছিল । চাহৰ সৰ্বাধিক উৎপাদনৰ পিছতো চাহ উদ্যোগত চাহৰ দাম আৰু খৰচৰ স্থবিৰতাৰ বাবে নিৰাশাজনক উদ্যোগটো।

ভাৰতীয় চাহ বৰ্ডৰ সূত্ৰয়ে প্ৰকাশ কৰে যে ২০১৭ চনতকৈ এই বছৰ ২.৪৮ শতাংশ বৃদ্ধি পাইছে । ২০১৭ চনতকৈ ০.৪২ শতাংশ বৃদ্ধি পাইছে কাছাৰ জিলাত লগতে বৰাক উপত্যকাতো চাহৰ উৎপাদন বৃদ্ধি হৈছে ।

অসমত সৰ্বাধিক চাহ উৎপাদন হোৱাৰ পাছতো চাহৰ মূল্য একে থকাথ বাবে উদ্যোগটো নিৰাশা ত ভূগিছে। চাহ উদ্যোগৰ বিষয়ায়ে জনোৱা মতে প্ৰত্যেক বছৰে চাহ উৎপাদন বৃদ্ধি হয় কিন্তু চাহৰ মূল্য বৃদ্ধি কৰা হোৱা নাই ।

অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত চাহৰ খৰচ বৃদ্ধি হোৱা নাই বুলি প্ৰকাশ কৰে বিষয়ায়ে । যুব প্ৰজন্ময়ে চাহতকৈ সুৰা সেৱনত বেছি পছন্দ কৰে। সেয়েহে চাহ উৎযাপন বৃদ্ধি হৈও উন্নয়ন হোৱা নাই বুলি প্ৰকাশ কৰে ।

২০১৭ চনৰ ১৩২১.৭৬ এম কেজি উৎপাদন হোৱাৰ বিপৰিতে ২০১৮ চনত ১.২৮ শতাংশ বৃদ্ধি হৈ ১৩৩৮.৬৩ এম কেজি উৎপাদন হয়। পশ্চিম বংগত ২০১৭ চনৰ তুলনাত ২.৪৭ শতাংশ বৃদ্ধি হৈছে ।

চাহৰ চাহিদা আৰু মূল্য বৃদ্ধি হ'লেহে চাহ উদ্যোগৰ উন্নতি হব । অসম চৰকাৰ আৰু ভাৰতীয় চাহ বৰ্ডে এই সম্পৰ্কে গুৰুত্ব দিয়াৰ লগতে সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বুলি প্ৰকাশ কৰে এজন চাহ ব্যৱসায়ীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি