ৰাজ্যিক বাতৰি

হাইলাকান্দিত দুটা দলৰ মাজত ভয়াবহ সংঘৰ্ষ: সান্ধ্য আইন জাৰি

Sentinel Digital Desk

দুটা দলৰ মাজত হোৱা ভয়াবহ সংঘৰ্ষৰ ফলত বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে ।

হাইলাকান্দিৰ মছজিদৰ সমিপত সংঘটিত এই ঘটনাত কেইজনো আৰক্ষী বিষয়া সহ প্ৰায় ১৫ জন লোক গুৰুত্ব ভাবে আহত হৈছে । লগতে বহুতো দোকান, ঘৰৰ লগতে মটৰ চাইকেল আৰু গাড়ীও ভাঙি লণ্ড-ভণ্ড কৰে ।

হাইলাকান্দিৰ জিলা উপায়ুক্ত ক্ৰীথি জালিয়ে প্ৰকাশ কৰে যে জিলাখনত দুটা দলে হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰাৰ লগতে গোষ্ঠীগত সংঘৰ্ষত লিপ্ত হোৱাত জিলা খনত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে সান্ধ্য আইন জাৰি কৰা হৈছে । জিলা খনত শুকুৰবাৰে সন্ধিয়াৰ পৰা ১২ মেৰ সন্ধিয়া ৭ বজালৈকে সান্ধ্য আইন জাৰি কৰা হৈছে।

ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। হাইলাকান্দিৰ মাৰোৱাৰী পট্টী অঞ্চলৰ এচ এচ পথত এচাম যুবকে শিলগুটি নিক্ষেপ কৰা ঘটনা সংঘটিত হয় ।

ঘটনাৰ সুত্ৰপাত বুধবাৰে সন্ধিয়া মাৰোৱাৰী পট্টীৰ পুৰনি মছজিদৰ সমিপত ৰখাই থোৱা মটৰ চাইকেলত অচিনাক্ত দুৰ্বিত্তয়ে ক্ষতি সাধন কৰাক কেন্দ্ৰ কৰি আৰম্ভ হয় । মছজিদৰ সদস্য সকলে এই সম্পৰ্কত এক গোচৰ ৰুজু কৰে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিক শীঘ্ৰে আটক কৰিবলৈ দাবী জনাই । দুৰ্বিত্তক শীঘ্ৰে শাস্তি প্ৰদান নকৰিলে পথত জুম্মা নামাজ পঢ়িব বুলি প্ৰকাশ কৰে প্ৰকাশ কৰে মছজিদৰ সদস্য সকলে ।

শুকুৰবাৰে সন্ধিয়া পথত নামাজ পঢ়াক কেন্দ্ৰ কৰি লোক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। অচিনাক্ত দুৰ্বিত্ত এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সংঘৰ্ষৰ সুত্ৰপাত কৰে। এই ঘটনাত বহুতো লোক আহত হয় । দুটা দলৰ লোকে শিলগুটি নিক্ষেপ কৰে। পৰিষ্ঠিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে শূণ্যলৈ গুলীচালনা কৰে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰাক ঘটনাৰ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে পৰিষ্ঠিতি বুজ ল'বলৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, এডিজিপি মুকেশ আগৰৱালা আৰু বৰাক উপত্যকাৰ উপায়ুক্ত আনুৱাৰউদ্দিন চৌধৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিষ্ঠিতি বুজ ল'বলৈ নিৰ্দেশ দিয়ে ।

জিলাখনৰ স্পৰ্শকাতৰ অঞ্চল সমূহত চি আৰ পি এফ আৰু আচাম ৰাইফলৰ নিৰাপত্তা ৰক্ষীক মোতায়েন কৰা হৈছে । পৰিষ্ঠিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা বাহিনীক প্ৰশাসনে সহায় কৰিছে।

জিলা উপায়ুক্ত ক্ৰীথি জালি য়ে সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে । হিংসাত্মক ঘটনা সংঘটিত কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি