ৰাজ্যিক বাতৰি

১৮ এপ্ৰিলত হ’ব লগা ভোটগ্ৰহণৰ প্ৰস্তুতি তুংগত ডিমা হাচাওত

Sentinel Digital Desk

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ডিমা হাচাওত ক্ষিপ্ৰ গতিত হৈছে নিৰ্বাচনৰ প্ৰস্তুতি ৷ জিলাখনত ২৪২ টা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় ১,৩৭,৩১৭ জন ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইয়াৰে ৬৯,৩৪২ জন পুৰুষ আৰু ৬৭,৯৭৫ গৰাকী মহিলা ৷ অন্যহাতে নিৰ্বাচনৰ প্ৰস্তুষ্টিৰ কাৰণে সম্প্ৰতি যাৱতীয় ব্যৱস্থাৰ লগতে মাইক্ৰ পৰ্যবেক্ষক,জোনেল আৰু চেক্টৰ বিষয়া,আৰু নিৰ্বাচনৰ সুৰক্ষা সম্পৰ্কীয় সকলো ব্যৱস্থা প্ৰস্তুতি সম্প্ৰতি তুংগত উঠিছে ৷

নিৰ্বাচনৰ কাৰণে সকলো ইভিএম আৰু ভিভিপিএটিৰ ব্যৱস্থা ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত কৰা হৈছে ৷ অন্যহাতে, নিৰ্বাচনত সকলো বিষয় নিয়ন্ত্ৰণ কৰা কক্ষত থাকিব সাধাৰণ পৰ্যবেক্ষক,আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিমণ্ডল ।

ইয়াৰ মাজতে ভাৰতৰ নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনত বাতৰি কাকতত কোনো ধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰা নাই । নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত হয় সেই কথা চিন্তা কৰি নিৰ্বাচন আয়োগে এই ব্যৱস্থা কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি