ৰাজ্যিক বাতৰি

৪০ লাখ টকাৰ আগৰ কাঠ জব্দ

Sentinel Digital Desk

গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ আৰক্ষীয়ে ইচলামপুৰৰ এটা ঘৰৰ পৰা প্ৰায় ৪০ লাখ টকাৰ আগৰ ভৰ্তি চাৰিটা কাৰ্টুন জব্দ কৰিছে আৰু চাৰিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।ধৃত লোক কেইজন হৈছে ডিমাপুৰৰ মাছুড উল্লা, হোজাইৰ নিজম উদ্দিন, আনোৱাৰ হোচেইন আৰু কৌচম আহমেদ।সৰবৰাহকাৰী কেইটাৰ পৰা জানিব পৰা মতে আগৰ খিনি নগাওঁ আৰু হোজাইৰ পৰা আনি প্ৰথমতে হাতীগাওঁত ৰাখিছিল পাছত ইচলামপুৰলৈ অনা হয়।আৰক্ষীয়ে ইতিমধ্যে পল্টন বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।