ৰাজ্যিক বাতৰি

৫০টা চিচি টিভিৰ ব্যৱস্থা যোৰহাটত

Sentinel Digital Desk

গুৱাহাটীৰ পিছতে অতি সোনকালে কঠোৰ নিৰীক্ষনৰ বাবে যোৰহাট চহৰত ৫০টাকৈ চিচি টিভিৰ ব্যৱস্থা কৰা হ'ব ।তাৎপৰ্যপূৰ্ন ভাৱে যোৱা তিনিবছৰৰ ধৰি বিভিন্ন ধৰনৰ অপৰাধৰ সাক্ষী হৈ ৰৈছে বুলি মত প্ৰকাশ কৰে; যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত কৰ্মকতা হেমেন দাসে ।

হেমেন দাসৰ মত অনুসৰি জানিব পৰা মতে, চিচি টিভিৰ ব্যৱস্থাৰ উপলক্ষে ১০লাখ টকাৰ এমপি আৰু এমএলৰ বিকাশ তহবিলৰ পৰা এই ধনৰ আৱণ্টন কৰা হৈছে । কেমেৰা সমূহ চহৰ খনৰ চাঞ্চল্যকৰ এলেকা সমূহত লগোৱা হ'ব আৰু জিলা খনৰ সদৰ থানাত থাকিব নিয়ন্ত্ৰন কক্ষ ।